NORTHEAST NOW (Assamese)

আজৱ! সংবাদ পত্ৰক দুৰ্ব্যৱহাৰৰ অনুমতি বিচাৰি প্ৰশাসনলৈ পত্ৰ লিখিলে এজন লোকে

January 14, 2024 8:01 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ এক আজৱ কাণ্ডই হাস্যৰসৰ জোৱাৰ তুলিছে সামাজিক মাধ্যমত। প্ৰতাপগড়ৰ বাসিন্দা এই ব্যক্তিজনে জিলা কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰিছে এক অদ্ভুত আবেদন।

এই আবেদন যোগে ব্যক্তিজনে কতৃপক্ষৰ পৰা স্থানীয় কাকত এখনক দুৰ্ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছে। শুনিবলৈ আচৰিত হ’লেও এয়া সঁচা। এই ব্যক্তিজনৰ নাম প্ৰতীক সিনহা।

প্ৰকাশিত খবৰ অনুসৰি, উক্ত কাকতখনত প্ৰকাশ পাইছিল এটা লেখা। লেখাটোত সিনহা ভূমি দখলৰ সৈতে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰা হৈছে আৰু তেওঁক ভূমি মাফিয়া বুলি উল্লেখ কৰা হৈছে।

এনে অভিযোগ সম্বলিত লেখাটোত ক্ষুব্ধ হৈ সিনহাই সুনাম নষ্ট কৰাৰ বাবে কাকতখনলৈ মানহানিৰ জাননী প্ৰেৰণ কৰে। ইয়াৰ পিছতে বৃহস্পতিবাৰে মহকুমাধিপতিলৈ উদ্দেশ্যি তেওঁ প্ৰেৰণ কৰে এখন পত্ৰ।

সিনহাই উল্লেখ কৰে যে ৯ জানুৱাৰীত তেওঁৰ মাটিত কোনো কাৰণ নোহোৱাকৈ বুলডজাৰৰ ব্যৱস্থা লোৱা হৈছিল আৰু পৰ্যাপ্ত প্ৰমাণ অবিহনে তেওঁক কাকতখনে মাফিয়া বুলি অভিহিত কৰিছিল।

সেয়ে লেখাটোৰ বিৰোধিতা কৰি সিনহাই বাতৰি কাকতখনৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত দুঘণ্টাৰ বাবে কাকতখনৰ মুৰব্বী আৰু সাংবাদিকজনৰ বিৰুদ্ধে গালি-গালাজ চলাবলৈ পত্ৰখনৰ জৰিয়তে অনুমতি বিচাৰিছে।

অৱশ্যে ইয়াৰ বাদে আন কোনো হিংসাত্মক কাৰ্যৰ আশ্ৰয় লোৱাৰ কোনো উদ্দেশ্য নাই বুলিও তেওঁ লগতে স্পষ্ট কৰি দিয়ে। সিনহাৰ এই অদ্ভুত অনুৰোধৰ প্ৰতি অৱশ্যে সংশ্লিষ্ট বিষয়াসকলে কোনো সঁহাৰি দিয়া নাই।

Related News