“উত্তৰ প্ৰদেশত হ’ব পাৰে, ইয়াত নহয়”- উত্তৰ প্ৰদেশ আৰক্ষীক ভৎসৰ্না দিল্লী উচ্চ ন্যায়ালয়ৰ

Delhi High Court on UP police

‘উত্তৰ প্ৰদেশত হ’ব পাৰে, ইয়াত নহয়’- উত্তৰ প্ৰদেশ আৰক্ষীক ভৎসৰ্না কৰি এই মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এগৰাকী মহিলাক তেওঁৰ পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে বিয়া কৰোৱা বাবে এজন পুৰুষৰ পৰিয়ালৰ দুজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীক এইদৰে জবাবদিহি কৰে দিল্লী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে বিবাহিত দম্পতীহাল প্ৰাপ্তবয়স্ক আৰু তেওঁলোকে জুলাইত নিজৰ ইচ্ছাৰে বিবাহ পাশত আৱদ্ধ হৈছিল। তাৰ পিছতে মহিলাগৰাকীৰ পৰিয়ালৰ পৰা বাৰে বাৰে ভাবুকি লাভ কৰিছিল।

“কোনোবাই আপোনালোকৰ ওচৰলৈ আহে আৰু আপুনালোকে যুৱতীগৰাকীৰ বয়স নিশ্চিত নকৰাকৈ কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিবলৈ যায়? অথচ যুৱতীগৰাকী নাবালিকা নে প্ৰাপ্তবয়ষ্ক সেই সম্পৰ্কে কোনো ধাৰণা নাই।” আদালতে কয়।

যুৱতীগৰাকীৰ সন্মতিত বিয়া কৰোৱা যুৱকজনৰ পিতৃ আৰু ভায়েকক উত্তৰ প্ৰদেশৰ চামলি আৰক্ষীয়ে দিল্লী আৰক্ষীক অৱগত নকৰাকৈ দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰি উত্তৰ প্ৰদেশলৈ লৈ গৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত এমাহৰ বাবে তেওঁলোকৰ অৱস্থান জনা নাছিল বুলি অভিযোগ কৰা হৈছে।

“এইয়া স্পষ্ট আইন যে অভিযুক্তৰ পিতৃ আৰু ভাতৃক উত্তৰ প্ৰদেশ আৰক্ষীয়ে দিল্লী আৰক্ষীক অৱগত নকৰাকৈ গ্ৰেপ্তাৰ কৰিব আৰু দিল্লীৰ পৰা লৈ যাব নোৱাৰে।” আদালতে উল্লেখ কৰে।

দিল্লী আৰক্ষীয়ে আদালতক জনাইছিল যে মহিলাগৰাকীৰ মাতৃয়ে কৰা অভিযোগৰ পিছত ৮ ছেপ্টেম্বৰত ব্যক্তিদুজনক গ্ৰেপ্তাৰ কৰা হৈছিল।

“কেতিয়া যুৱতীগৰাকী মুখ্য হয় আৰু তেওঁ নিজৰ ইচ্ছাৰে পিতৃ-মাতৃৰ গৃহ এৰি যুৱক জনৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছে, কেনেদৰে IPC ধাৰা ৩৬৬ ৰ অধীনত এটা অপৰাধ (মহিলাগৰাকীক তেওঁৰ বিবাহৰ বাবে বাধ্য কৰিবলৈ অপহৰণ কৰা) আৰু IPC ধাৰা ৩৬৮ ৰ অধীনত এক পৰিণামমূলক অপৰাধ (অন্যায়ভাৱে লুকুৱাই ৰখা বা বন্দী কৰি ৰখা, অপহৃত ব্যক্তি)ত অভিযুক্ত কৰা হয় সেই বিষয়ে বুজাত আপোনালোক ব্যৰ্থ হৈছে। ” আদালতে শুনানিত উল্লেখ কৰে।

ন্যায়াধীশ মুক্তা গুপ্তাই দম্পতীহালৰ এখন আৱেদনৰ শুনানিৰ সময়ত কয় যে আদালতে চিচিটিভি ফুটেজ পুনৰীক্ষণ কৰিব আৰু নিশ্চিত কৰিব যে যদি তেওঁলোকে লোকজনৰ পৰিয়ালৰ সদস্যসকলক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰে তেন্তে উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ’ব।

আদালতে চামলি আৰক্ষী থানাৰ ষ্টেচন হাউচ বিষয়াক গোচৰৰ ফাইলৰ সৈতে ২৮ অক্টোবৰত ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ জাননী জাৰি কৰিছে।