পৰিৱৰ্তনৰ প্ৰথম প্ৰভাৱ: কাশ্মীৰত বিভিন্ন ৰাজ্যৰ ২৫ হাজাৰ নাগৰিকলৈ স্থায়ী নাগৰিকত্ব

1024px-SonamargValley

কাশ্মীৰৰ সোণামাৰ্গ উপত্যকাৰ ফটো। উৎস: উইকিপিডিয়া

ৰাজ্যখনত দীৰ্ঘদিন বসবাস কৰি থকা যিসকল লোকক ইমানদিনে বহিৰাগত হিচাপে অভিহিত কৰি অহা হৈছিল সেইসকলে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে।

উল্লেখ্য যে যোৱা বছৰ আগষ্টত কাশ্মীৰত ৩৫এ ধাৰাৰ বিলুপ্তি ঘটোৱা হৈছিল।

এইবাৰ প্ৰায় ২৫হাজাৰ অ-কাশ্মীৰি লোকে স্থায়ী নগৰিকৰ মৰ্যাদা লাভ কৰিলে যাৰ ভিতৰত এগৰাকী ভাৰতীয় প্ৰশাসনীয় বিষয়াও আছে।

জম্মু-কাশ্মীৰৰ যি নিজস্ব সংবিধা আছিল সেই অনুসাৰে বাহিৰৰ ৰাজ্যৰ কোনো লোক ৰাজ্যখনৰ নাগৰিকত্ব হ’ব নোৱাৰিছিল।

ভূমিকে ধৰি স্থাৱৰ সম্পত্তিৰ অধিকাৰী হ’ব পৰা নাছিল। আনকি ৰাজ্যখনৰ কোনো ছোৱালী যদি আন ৰাজ্যৰ ল’ৰাৰ সৈতে বিয়া হয় তেতিয়াও নাগৰিকত্ব হেৰুৱাইছিল।

কেৱল তাৰ পুৰুষে আন ৰাজ্যৰ নাৰীৰ সৈতে বিয়া পাতিলে ব্যতিক্ৰম আছিল।

দীৰ্ঘদিন ধৰি জম্মু-কাশ্মীৰ তথা লাডাখত কৰ্মসূত্ৰে বসবাস কৰি থকা বিভিন্ন ৰাজ্যৰ লোকসকলে যোৱা বছৰ জম্মু-কাশ্মীৰ পুনৰ্গঠনৰ আইন প্ৰযোজ্য হোৱাত আশাৰ মুখ দেখিছিল।

বৰ্তমান নতুন আইন অনুসৰি, ২৫হাজাৰ লোকে স্থায়ী নাগৰিকত্ব লাভ কৰিলে।

ইপিনে, ৰাজ্যখনৰ দুটা প্ৰধান ৰাজনৈতিক দল নেশ্যনেল কনফাৰেন্স আৰু পিপলছ ডেম’ক্ৰেটিক পাৰ্টি এই সিদ্ধান্তত ক্ষুব্ধ হৈ পৰিছে।

তেওঁলোকে দাবী কৰা মতে নতুন আইনখনক অস্ত্ৰ হিচাপে লৈ দেশখনৰ একমাত্ৰ মুছলামন সংখ্যাগৰিষ্ঠ ৰাজ্যখনৰ জনগাঁথনি পৰিৱৰ্তনৰ চেষ্টা চলাইছে আৰ এছ এছৰ নীতি অনুসৰণ কৰা কেন্দ্ৰীয় চৰকাৰে।

অৱশ্যে, নতুন আইন অনুসৰি জম্মু-কাশ্মীৰত স্থায়ী নাগৰিকত্ব লাভৰ বাবে যি চৰ্ত ৰখা হৈছে, সেয়া একেবাৰে সহজো নহয়।

যিসকলে তাত কমেও ১৫বছৰ ধৰি বসবাস কৰি আছে তেনেকুৱা ছাফাইকৰ্মী, আন ৰাজ্যলৈ বিয়া হোৱা কাশ্মিৰী মহিলা তথা তেওঁলোকৰ সন্তান আৰু পাকিস্তানৰ পৰা অহা শৰণাৰ্থীসকলে স্থায়ী নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰে।

আনহাতে, চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এই চৰ্ত অনুসৰি কমেও ১০বছৰ হ’ব লাগিব।

সেইদৰে কমেও সাত বছৰ ধৰি তাত থকা দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলেও স্থায়ী প্ৰমান পত্ৰৰ বাবে আবেদন কৰিব পাৰিব।

বৰ্তমানলৈকে মুঠ ৩৩হাজাৰ ১৫৭খন আবেদন দাখিল কৰা হৈছে। ইয়াৰ ভিতৰত অকল জম্মুৰ পৰাই ৩২হাজাৰ খন আবেদন আহিছে।