• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছন বসুন্ধৰা: ‘খিলঞ্জীয়া অসুৰক্ষিত-বাংলাদেশীক সংস্থাপন’-দাবী উপমন্যু হাজৰিকাৰ

হিমন্ত বিশ্ব শৰ্মা এজন অসমৰ চিৰসেউজ ক্ষমতাকেন্দ্ৰিক চতুৰ ৰাজনীতিবিদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2023 3:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিছন বসুন্ধৰাৰ জড়িয়তে অতি কৌশলেৰে বাংলাদেশী আৰু বেদখলকাৰীসকলক ১৪ লাখ বিঘা পিজিআৰ, ভিজিআৰ মাটিত সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ  কৰা হৈছে। এয়া এফালে উচ্ছেদৰ নাটক ৰচি আমছু, এ আই ইউ ডি এফ, আজমল, কংগ্ৰেছৰ হতুৱাই প্ৰতিবাদ কৰোৱাই আৰু আনফালে পিজিআৰ, ভিজিআৰ মাটি আবণ্টন দি এন আৰ চি,  অসম চুক্তিৰ ৬ নং দফা, খিলঞ্জীয়াৰ সংৰক্ষণ, ভূমি অধিকাৰক নস্যাৎ কৰাৰ প্ৰস্তুতি। এই অভিযোগ প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাৰ।

প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা হাজৰিকাই প্ৰেৰণ কৰা এক বিবৃতিত অসম চৰকাৰৰ মিছন বসুন্ধৰা আঁচনিৰ আঁৰৰ কাহিনী উন্মোচিত কৰাৰ চেষ্টা কৰিছে। তেওঁৰ বিবৃতিৰ পূৰ্ণপাঠ দাঙি ধৰা হ’লঃ-

দেখাই শুনাই মিছন বসুন্ধৰা সম্পূৰ্ণ শলাগ ল’বলগীয়া আঁচনি, কিন্তু ইয়াৰ আঁৰত থকা মূল লক্ষ্য যোৱা ৭৫ বছৰে যুজিঁ অহা খিলঞ্জীয়াৰ সুৰক্ষা অভিযানক নস্যাৎ কৰি অবৈধ বাংলাদেশীক সংস্থাপন দিয়া।  মিছন বসুন্ধৰাৰ জড়িয়তে পিজিআৰ ভিজিআৰ ভূমিত বসতি কৰা বেদখলকাৰীক (৯০% বিদেশী) ভূমি পট্টা দি পুৰষ্কৃত কৰাৰ আঁচনি কাৰ্যকৰী কৰিছে। ১১ নবেম্বৰ ২০২২ চনৰ অধিসূচনাৰ জড়িয়তে আঁচনি বিস্তৃত বিৱৰণীত প্ৰয়োজনীয় নঠি পত্ৰৰ কথা  উল্লেখ কৰিছে-

১) পৰিচয় প্ৰমাণৰ বাবে কেবলমাত্ৰ আধাৰ কাৰ্ড, পান কাৰ্ড অথবা ড্ৰাইভিং লাইচেন্স।

২) আবণ্টনৰ যোগ্যতাৰ বাবে চৰকাৰী নথি যেনে শৰণাৰ্থী প্ৰমান পত্ৰ, বেদখলকাৰী জৰিমনা ৰছিদ, তৌজি পট্টা আদি।

৩) আঁচনিৰ ভিত্তি বৰ্ষ হ’ব ২০১১ চন।

যি নথি ১৯৭১ চনৰ এন আৰ চিত নাম ভৰ্তিৰ কাৰণেও যঠেষ্ট নাছিল, এতিয়া তেনে নথি জমা কৰি ২০১১ চনলৈ অহা বিদেশীয়েও ভূমিৰ পট্টা লাভ কৰাৰ জড়িয়তে নাগৰিকত্বৰ প্ৰমাণ পত্ৰ পাব পাৰিব।

যদিও অসম চুক্তিৰ দ্বাৰা নাগৰিকত্ব প্ৰদান কৰাৰ ভিত্তি বৰ্ষ ১৯৭১ হ’’ল আৰু ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমে ২৩ বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা লোৱাৰ বাবদ খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত ক্ষতিপূৰণ হিচাপে সেই একেই অসম চুক্তিৰ ৬ নং দফা অনুসৰি বিদেশীৰ অতিৰিক্ত বোজা লোৱাৰ বাবে খিলঞ্জীয়াক সংৰক্ষণ দিয়াৰ প্ৰতিশ্ৰুতি লিপিবদ্ধ আছে। ২০২০ চনত ৬ নং দফা কমিটীৰ প্ৰতিবেদনত, আৰু তাৰো পূৰ্বে ২০১৫ চনতে উপমন্যু হাজৰিকা আয়োগে উচ্চতম ন্যায়ালয়ত প্ৰদান কৰা প্ৰতিবেদনত স্পষ্ট ভাৱে উল্লেখ কৰিছে যে খিলঞ্জীয়াৰ বাবে ভূমি, চাকৰি, বাণিজ্য, উচ্চ শিক্ষা ইত্যাদিৰ সংৰক্ষণৰ ভিত্তি বৰ্ষ ১৯৫১ চন হ’ব লাগে।

উল্লেখযোগ্য যে স্বয়ং হিমন্ত বিশ্ব শৰ্মাই ডিচেম্বৰ ২০১৯ত অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে ৬ নং দফা কমিটীৰ প্ৰতিবেদন কোনো “ফুলষ্টপ, কমা ” সলনি নকৰাকৈ কাৰ্যকৰী কৰিব। এতিয়া মিছন বসুন্ধৰাই খিলঞ্জীয়াৰ সংৰক্ষণ আৰু হিমন্ত বিশ্ব শৰ্মাৰ নিজৰে প্ৰতিশ্ৰুতি দুয়োটাকে ভিত্তিহীন আৰু গুৰুত্বহীন কৰিব।

লগতে মিছন বসুন্ধৰা আঁচনিৰ গুৰু দায়িত্ব দিয়া অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া নজৰুল ইছলামকলৈ চৰকাৰী সুত্ৰ আচৰিত হৈছে কিয়নো ইছলাম ডাঙৰীয়াতকৈ ৰাজহ ক্ষেত্ৰত অনুভব আৰু অভিজ্ঞতা থকা বহুত প্ৰসিদ্ধ বিশেষজ্ঞ থকা সত্বেও কেৱল মাত্ৰ নজৰুল ইছলামক এই দায়িত্ব কিয় দিলে সেইটোও ৰহস্যৰ অধীন। মুঠতে এই আঁচনি ৰূপায়ন কৰি বাংলাদেশীক উপকৃত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি চতুৰতাৰে কৌশল ৰচিছে।

 ২০১৮ চনত এই একে চৰকাৰে গঠন কৰা ব্ৰহ্ম কমিটীৰ প্ৰতিবেদনত অসমত মুঠ ৭.২৮ লাখ পিজিআৰ আৰু ৬.৩৮ লাখ ভিজিআৰ ভূমি আছে বুলি উল্লেখ কৰিছে। ইয়াৰ লগতে ব্ৰহ্ম কমিটীয়ে এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছিল যে অসম যিহেতু কৃষি প্ৰধান ৰাজ্য (৬৫% জনসংখ্যাই কৃষি কেন্দ্ৰিক) আৰু কৃষকৰ ভূমি পৰিয়াল চলোৱাৰ কাৰণে যঠেষ্ট নহয়, সেইকাৰণে কৃষকসকলৰ গাঁৱৰ লগত সংলগ্ন পিজিআৰ ভিজিআৰ ভূমিত পশুপালন কৰি অতিৰিক্ত আয়ৰ ব্যৱস্থা কৰিব পাৰে। ব্ৰহ্ম কমিটীয়ে স্পষ্ট ভাবে পিজিআৰ ভিজিআৰ ভূমি অসংৰক্ষণ কৰাটো বিৰোধিতা কৰিছে, তাৰ বিপৰীতে নতুন পিজিআৰ ভিজিআৰ ভূমি সৃষ্টি কৰাৰ প্ৰস্তাৱহে দিছিলে।

এইখন হিমন্তৰ চৰকাৰে এফালে বাংলাদেশী অধ্যুষিত অঞ্চলত ঢোল-ডগৰ কোবাই নাম মাত্ৰ উচ্ছেদ অভিযান চলাই, আনফালে আমছু, আজমল বাহিনীৰ দ্বাৰা প্ৰতিবাদ কৰাই, বুজন পৰিমাণে চৰকাৰী ধন অপব্যায় কৰি বিদেশী বেদখলকাৰীক পুনৰ সংস্থাপন দি খিলঞ্জীয়া ৰাইজক প্ৰবঞ্চনা কৰি আহিছে। অসম ভূমি বেদখলকাৰী আইন, ২০১০ ৰ অধীনত বেদখলকাৰী অপৰাধীক ৫ বছৰ কাৰাবাসৰ পৰিবৰ্তে পুৰষ্কৃত কৰি আইনখন ভংগ কৰিলে।

উদাহৰণ স্বৰূপে গৰুখুটি উচ্ছেদ অভিযানক ল’ব পাৰি, য’ত উচ্ছেদৰ নাটক ৰচি,  ৮৪১ পৰিয়ালক চৰকাৰী ধন অপব্যায় কৰি দলগাওঁত প্ৰত্যেক বেদখলকাৰীকে বিঘাই বিঘাই মাটি, বাসগৃহ, দমকল, বিজুলী, অৰুনোদয় আদি আঁচনি, পশুধন আদি দি সুৰক্ষিত কৰিছে। আনফালে ঢোল- ডগৰ কোবাই যি গৰুখুটি প্ৰকল্পৰ সফলতা জহাই ফুৰে, সেই প্ৰকল্পৰ দ্বাৰা স্থানীয় খিলঞ্জীয়া গোৱাল সকলৰ চৰণীয়া ভূমিহে অধিগ্ৰহণ কৰিলে, য’ত নেকি এতিয়াও ৭০ হেজাৰৰো অধিক ভূমি বেদখলমুক্তই নহ’ল। আনফালে স্থানীয় গোৱাল সকলক গৰুখুটি প্ৰকল্প কৰি চৰণীয়া পথাৰৰ পৰা বঞ্চিত কৰিলে। এতিয়া সেই ভূমিতেই গৰু-ম’হ চৰাবলৈ গৰুখুটি প্ৰকল্পক প্ৰতি বিঘা প্ৰতিমাহে ১৬০০ টকাকৈ দিবলৈ গোৱাল সকলক বাধ্য কৰিলে।

হিমন্ত বিশ্ব শৰ্মা এজন অসমৰ চিৰসেউজ ক্ষমতাকেন্দ্ৰিক চতুৰ ৰাজনীতিবিদ। ২০১৪ চনত কংগ্ৰেছত থাকোঁতে মোদী ডাঙৰীয়া আৰু হিন্দুক গালি দিয়াৰ পৰা বিজেপিলৈ আহি এজন উগ্ৰ হিন্দুত্ববাদীলৈ পৰিবৰ্তন হোৱাৰ নাটক ৰচিলে যদিও প্ৰকৃতাৰ্থত গভীৰ বাংলাদেশী প্ৰেমী হৈয়েই থাকিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

ইউক্ৰেইনত ৰাছিয়াৰ সৰ্ববৃহৎ ড্ৰ’ন আক্ৰমণ: ক্ষতিগ্ৰস্ত হৈছে কিয়েভৰ চৰকাৰী ভৱন

September 7, 2025 7:51 pm
কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

কোৰিয়াৰ ভূমিত ভাৰতীয় আৰ্চাৰৰ ঐতিহাসিক জয়: পুৰুষৰ দলে জয় কৰিলে স্বৰ্ণ

September 7, 2025 7:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

কপিৰাইট উলংঘনৰ গোচৰত কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী এন্থ্ৰপিকৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত! লেখক সকলক দিব লাগিব ১.৫ বিলিয়ন ডলাৰৰ ক্ষতিপূৰণ

September 7, 2025 9:30 pm
আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

আদানীৰ সুনাম ৰক্ষাৰ বাবে সাংবাদিকসকলক মানহানিকাৰক বিষয়বস্তু আঁতৰাবলৈ নিৰ্দেশ দিল্লী আদালতৰ

September 7, 2025 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd