মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয়; মুছলমানৰ প্ৰব্রজনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ : উপমন্যু হাজৰিকা

himmm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত মন্তব্য দিছিল যে প্ৰব্ৰজনকাৰী মুছলমান সকলে অনিয়ন্ত্ৰিতভাৱে সন্তান জন্ম দিয়াই হৈছে জনসংখ্যা বিস্ফোৰণ মূল কাৰণ, যাৰ কাৰণে তেওঁলোকে সকলো ধৰণৰ চৰকাৰী ভূমি দেৱালয়, মন্দিৰ, সত্ৰ ইত্যাদিৰ ভূমি বেদখল কৰে। সেয়েহে উচ্ছেদৰ উপৰিও সম্পূৰ্ণ সমাধান হৈছে প্ৰব্ৰজনকাৰী মুছলমানৰ পৰিয়াল পৰিকল্পনা।

 

মুখ্যমন্ত্ৰীৰ এই মন্তব্য সম্পূৰ্ণ তথ্যৰ বিৰুদ্ধে বুলি গুৰুতৰ অভিযোগ তুলিছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু ভূঞাই।

 

তেওঁৰ মতে “মুছলমানে অধিক সন্তান জন্ম দিয়াৰ বাবে নহয়; প্ৰব্রজনৰ বাবেহে হৈছে জনসংখ্যা বিস্ফোৰণ।”

 

ইয়াৰ কেইবাটাও কাৰণ আছে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় “এয়াই যদি সত্য হয় তেন্তে অসম আন্দোলন, NRC কৰাৰ কোনো প্ৰয়োজন নাছিল, কেৱল জন্ম নিয়ন্ত্ৰণ কৰিয়েই বিদেশী সমস্যাৰ সমাধান কৰিব পাৰিলেহেতেন।”

 

প্ৰথম কাৰণ উল্লেখ কৰি হাজৰিকাই কয় “অসমত থকা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য, কংগ্ৰেছ আৰু বিজেপি দুয়োখন চৰকাৰে যোৱা ৩০ বছৰে দি আহিছে। ১৯৯২ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ৩২ লাখ অনুপ্ৰৱেশকাৰীৰ উমান দিছিল।

 

“২০০৪ চনত কংগ্ৰেছৰ গৃহৰাজ্য মন্ত্ৰী শ্ৰী প্ৰকাশ জয়ছোৱালে ৫০ লাখ অনুপ্ৰৱেশকাৰী আৰু ২০১৬ চনত বিজেপিৰ কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী শ্ৰী কিৰণ ৰিজিজুয়ে ৮০ লাখ বাংলাদেশী অনুপ্ৰৱেশ কাৰী অসমত আছে বুলি সংসদত তথ্য দাঙি ধৰিছিল, যিটো অসমৰ মুঠ জনসংখ্যাৰ ২৫%।” হাজৰিকাই লগতে কয়।

 

তেওঁ আৰু প্ৰশ্ন কৰি কয় “যদি উপৰোক্ত তথ্যখিনি ভুলেই আছিল, তেন্তে সকলো সময়তে শাসকীয় দলত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ প্ৰত্যুত্তৰ কিয় নিদিলে?”

 

“ডিচেম্বৰ,২০১৪ চনত অসম সন্মিলিত মহা সংঘই দিয়া আবেদনত, উচ্চতম ন্যায়ালয়ে দিয়া ৰায়দানত স্পষ্টভাবে উল্লেখ কৰা হৈছে যে ২০০৪ চনত অসমত ৫০ লাখ বাংলাদেশী অনুপ্ৰৱেশকাৰী আছিল।

উল্লেখযোগ্য যে ১০ ছেপ্টেম্বৰ ২০১২ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সেই একে মন্তব্য দাঙি ধৰিছিল যে অসমত জনসংখ্যা বিস্ফোৰণ অনিয়ন্ত্ৰিতভাৱে প্ৰব্ৰজনকাৰী মুছলমানে সন্তান জন্ম দিয়াৰ কাৰণে হৈছে।” হাজৰিকাই লগতে কয়।

হাজৰিকাই দ্বিতীয় কাৰণ বাখ্যা কৰি কয় “অসমলৈ যে বাংলাদেশৰ পৰা প্ৰব্ৰজন হোৱা নাই সেইটো প্ৰমাণ কৰাৰ প্ৰচেষ্টাতে প্ৰব্ৰজনকাৰী সকলৰ প্ৰতিনিধিসকলেও মাজে মাজে মুখ্যমন্ত্ৰীয়ে দিয়া ধৰণৰ একেই মন্তব্য দিয়ে।”

” এই ক্ষেত্ৰত দিল্লী স্থিত জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা নন্দিতা শইকীয়াই চৰ-জমিন তদন্ত কৰি প্ৰমাণ কৰিলে যে কেৱল অনিয়ন্ত্ৰিত ভাবে সন্তান জন্ম দিয়াটোয়েই জনসংখ্যা বিস্ফোৰণৰ ভিত্তি নহয়, প্ৰব্ৰজনৰ বাবে হে অসমত জনসংখ্যা বিস্ফোৰণ হৈছে।” হাজৰিকাই কয়।

হাজৰিকাই লগতে কয় “এখন ৰাষ্ট্ৰীয় কাকতত আজি প্ৰকাশিত তথ্য অনুসৰি অসমৰ মুছলমানৰ Net Fertility Rate ( প্ৰজনন হাৰ) ২০০৪ চনত ৩.৬ ৰ পৰা ২০২০ ত ২.৪ লৈ নামিছে।”

“তাৰ পিছত তেওঁ ঢোল-দগৰ বজাই উচ্ছেদ অভিযানৰ ঘোষণা কৰিলে আকৌ একসপ্তাহৰ ভিতৰতে নিজৰ স্থিতি সলনি কৰি মন্তব্য দিয়ে যে উচ্ছেদ অভিযান লাভ নহব, পৰিয়াল পৰিকল্পনা হে মূল বিষয়।” তেওঁ এইদৰে কয়।

হাজৰিকাৰ প্ৰশ্ন “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা কংগ্ৰেছ
চৰকাৰেই হওঁক বা বিজেপি চৰকাৰেই হওঁক, চৰকাৰী তথ্য কিয় ইমান পলম কৈ মানিব খোজা নাই?
তেওঁৰ মন্তব্য বিলাক স্বৰ্গীয় তৰুণ গগৈৰ মন্তব্যৰ দৰেই কিয় একে হ’ব ধৰিছে?
তেওঁ এতিয়া বিজেপিতো কংগ্ৰেছী দৰ্শন প্ৰতিষ্ঠা কৰিব বিচাৰিছে নেকি?