কেতিয়ালৈ বাস্তৱায়িত হ’ব গোলাঘাটত স্থাপন হ’বলগীয়া সাঁচিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ?

প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্য চৰকাৰে যোৱা জুন মাহত সাঁচি খেতি আৰু ব্যৱসায়ক বৈধ ঘোষণা কৰাৰ লগতে গোলাঘাটত উজনি অসমৰ সাঁচিৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপন কৰা হ’ব বুলি ঘোষণা কৰি সাঁচি খেতিয়কসকললৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল।

কিন্তু একাংশ নৱ গঠিত সংগঠনে সমগ্ৰ বিষয়টোত বিভ্ৰান্তিৰ সৃষ্টি কৰি ৰাজ্য চৰকাৰক প্ৰকৃত লক্ষ্য, উদ্দেশ্যৰ পৰা আঁতৰাই নিয়াৰ চেষ্টা চলাই আছে বুলি আশংকা কৰিছে উজনি অসম সাঁচিৰ কৃষক আৰু ব্যৱসায়ী সংস্থাই।

এই সন্দৰ্ভত যোৱা ২৩ আগষ্টত সংগঠনটোৰ তৰফৰ পৰা ভাৰপ্ৰাপ্ত সভাপতি ৰিয়াজুদ্দিন আলি আৰু সম্পাদক ছাইদুল হুছেইনে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিষয়টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি একাংশ নতুন সংগঠনে বিভিন্ন প্ৰকাৰে মুখ্য মন্ত্ৰীক প্ৰভাম্বিত কৰাৰ প্ৰচেষ্টা চলোৱা বুলি অভিযোগ আনে।

এনে সংগঠনৰ এচামে ব্যৱসায়তো নিজৰ সুবিধামতে চলাই নিয়াৰ স্বাৰ্থত চৰকাৰক সময়ে সময়ে বিপথে পৰিচালিত কৰি আহিছে বুলিও তেওঁলোকে অভিযোগ কৰে।

আনকি ২০১৭ চনৰ ২০ ডিচেম্বৰত যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা কেন্দ্ৰত অনুষ্ঠিত ষ্টক হল্ডাৰ সভাত উজনি অসমত আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপনৰো বিৰোধিতা কৰিছিল যদিও গৰিষ্ঠ সংখ্যক সদস্যৰ সমর্থনত উক্ত প্ৰস্তাৱ গৃহীত হৈছিল বুলি উল্লেখ কৰে।

মনকৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় বজাৰত মূল্য থকা সাঁচিগছ অসমৰ গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাতহে উৎপাদিত হয় আৰু প্ৰাকৃতিকভাৱেই ৯৫ শতাংশ সাঁচি গছত ভেকুৰে আক্ৰমণ কৰে যিটো গ্ৰীণ ছাৰ্ভে অৱ ইণ্ডিয়াৰ শেহতীয়া প্ৰতিবেদনতো প্ৰকাশ পাইছে।

ইয়াৰ বিপৰীতে একাংশ সংবাদ মাধ্যমত হোজাইত ৯১শতাংশ সাঁচিগছ হয় বুলি ইচ্ছাকৃতভাৱে ভুল তথ্য পৰিৱেশন কৰি থকা বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হয়।

সেয়ে সাঁচি খেতিয়ক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰি কেতবোৰ নীতি-নিয়ম প্ৰস্তুত কৰা আৰু উজনি অসমত সাঁচিৰ এখন আন্তঃৰাষ্ট্ৰীয় বজাৰ স্থাপনৰ বাবে তেওঁলোকে ২০০৫ চনৰ পৰা জনাই অহা দাবী শীঘ্ৰে পুৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায়।