বিটিচিত উন্নয়ণ হ’ব বুলি হাগ্ৰামা শংকিত হৈছে; গুৱাহাটীত য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োৰ সংবাদমেল

সংবাদমেলত প্ৰমোদ বড়ো

য়ু পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে আজি গুৱাহাটীৰ হোটেল ব্লু মুনত এখন সংবাদমেল সম্বোধন কৰি শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আহ্বান জনোৱাৰ লগতে বি পি এফক তীব্ৰ সমালোচনা কৰে।

গণতন্ত্ৰক সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বড়োৱে আহ্বান জনাই আৰু নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিটিচি অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবলৈয়ো কয়।

বিটিচিত বিপিএফে ধনবল, বাহুবল প্ৰয়োগ কৰি অহাৰ লগতে ভয় আৰু ভ্ৰষ্টাচাৰৰ ৰাজনীতি কৰি আহিছে বুলিও সংবাদমেলত প্ৰমোদ বড়োৱে অভিযোগ কৰে।

আনহাতে, আগন্তুক দিনত প্ৰমোদ বড়োৱে বিটিচিৰ পৰা ভয় আৰু ভ্ৰষ্টাচাৰ দূৰ কৰাৰো আশ্বাস প্ৰদান কৰে।

য়ু পি পি এলৰ সভাপতিগৰাকীয়ে হাগ্ৰামা মহিলাৰীক দুৰ্নীতিৰ সদাগৰ আখ্যা দি বি টি আৰ চুক্তিক মাইলৰ খুটি হিচাপে অভিহিত কৰে।

‘‘বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত মেডিকেল কলেজ, এন আই টিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন হ’ব সেয়ে হাগ্ৰামা মহিলাৰী আৰু বিপিএফ শংকিত হৈ আছে। বিটিআৰ চুক্তি শান্তিৰ লগতে প্ৰগতিৰ চুক্তি,’’ সংবাদমেলত বড়োৱে কয়।

বি পি এফ দলে ১৭ বছৰে বিটিচিৰ উন্নয়ন সাধন কৰাৰ ব্যৰ্থ হৈছে বুলি প্ৰমোদ বড়োৱে অভিযোগ কৰি বিটিচি অঞ্চলত যিখিনি বাট-পথৰ উন্নয়ণ হৈছে সেয়া অসম আৰু ভাৰত চৰকাৰৰ বিভিন্ন প্ৰকল্পৰ জৰিয়তেহে হৈছে  বুলি মত প্ৰকাশ কৰে।

সংবাদমেলত বড়োৱে বিটিচিত এমজিএনৰেগাৰ ধন আত্মসাৎ, বিভিন্ন আঁচনিৰ ধন জাল চহী মাৰি আত্মসাৎ কৰাৰ অভিযোগো উত্থাপন কৰে।

তদুপৰি, সংবাদমেলত প্ৰমোদ বড়োৱে বি টি আৰ চুক্তি অনুসৰি অন্য জনগোষ্ঠীৰ লোকৰ ভূমিৰ অধিকাৰ নোহোৱা হৈ যাব বোলা কথাটো সম্পুৰ্ম মিছা বুলি উল্লেখ কৰি বি টি আৰ অঞ্চলত অসমীয়া ভাষা নিঃচিহ্ন হ’ব বুলি কৰা ধাৰণা ভিত্তিহীন বুলিও কয়।