বিটিআৰত বিপিএফৰ চৰকাৰ গঠনকলৈ পুনৰ গুজৱ; কি প্ৰতিক্ৰিয়া ইউপিপিএলৰ?

ইউপিপিএলৰ ৭/৮ জন পাৰিষদকলৈ বিপিএফ দলে পুনৰ চৰকাৰ গঠনৰ প্ৰচাৰকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউপিপিএলে ৷ ইউপিপিএলৰ মুখ্য কাৰ্যালয়ত সংবাদমেল পাতি বৃহস্পতিবাৰে স্পষ্টীকৰণ দিয়ে ইউপিপিএল-য়ে।

ইউপিপিএলৰ মুখপাত্ৰ উইলচন হাসদাই সংবাদমেলত সৰৱ হৈ পৰি অভিযোগ কৰে যে বিপিএফে ৰাইজৰ মাজত ভূৱা প্ৰচাৰ চলাইছে। সংবাদমেলত  দুগৰাকীকৈ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু ধনঞ্জয় বসুমতাৰীও উপস্থিত আছিল৷

তেওঁলোকৰ অভিযোগ যে বিপিএফ দলে ইউপিপিএলৰ পাৰিষদ সকলক উচ্চ স্থানত টোপ দি চৰকাৰ গঠন কৰিৱ বুলি প্ৰচাৰ চলাই ৰাইজক বিপথে পৰিচালিত কৰিছে ৷ বিটিআৰত ইউপিপিএল দলে চৰকাৰ গঠনৰ পৰাই বিপিএফ দলে এনে বিশৃংখলতা পৰিবেশ সৃষ্টি কৰি আছে আৰু উন্নয়ন বিৰোধী কাম কৰি আহিছে ৷

ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটৰ চৰকাৰত কোনো ভাবুকি নাই ৷ পাঁচ বছৰ সুকলমে চলিব বুলিও দাৱী কৰে ইউপিপিএল-য়ে ৷

ৰাইজৰ মাজত বিপিএফে ভুল বাৰ্তা দি দলটোৰ জনভিত্তি গঢ়াৰ কুট কৌশলহে ৰচনা কৰা বুলি ইউপিপিএলে দাবী কৰে ৷

সংবাদমেলত ই এম ধনঞ্জয় বসুমতাৰীয়ে কয় যে মোক জড়িত কৰি পুনৰ চৰকাৰ গঠনৰ প্ৰচাৰ চলাইছে ৷ মই কোনোদিনে বিপিএফ দলত নাযাও ৷ ইউপিপিএল দলত থাকি মই বহুত সন্মান পাইছো ৷ তেনেক্ষেত্ৰত মই বিপিএফলৈ পুনৰ উভতি যোৱাৰ প্ৰশ্ন নুঠে ৷

ইএম ৰঞ্জিত বসুমতাৰীয়ে দাৱী কৰে যে বিপিএফ দলে ভুৱা প্ৰচাৰত লিপ্ত হৈছে ৷ বিপিএফ দলৰ নিজৰ স্থিতি নোহোৱা হৈছে ৷ হাগ্ৰামা আৰু চন্দন দুটা ভাগত বিভক্ত হৈছে বিপিএফ দল ৷