য়ু পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি; সুশাসন আৰু শান্তি-সম্প্ৰীতিৰ প্ৰতিশ্ৰুতি

য়ু পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ সময়ত।

দেশৰ লগতে ৰাজ্যত আজি প্ৰথম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন। আজি য়ুনাইটেড পিপ’লছ পাৰ্টি লিবাৰেল অৰ্থাৎ য়ু পি পি এলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে দলটোৰ নেতা ৰুংগুৰা নাৰ্জাৰীয়ে। নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুস্থানত উপস্থি থাকে দলটোৰ আন এজন নেতা মাওতি ব্ৰহ্ম হাজোৱাৰী।

নিৰ্বাচনী ইস্তাহাৰত য়ু পি পি এলে বি টি এ ডি অঞ্চলত সুশাসন আৰু শান্তি-সম্প্ৰীতি ঘুৰাই অনাৰ প্ৰতিশ্ৰুতিৰ লগতে অঞ্চলটোৰ উগ্ৰপন্থী সংগঠন এন ডি এফ বি, বিৰসা কামাণ্ডো ফোৰ্চ আদিৰ সৈতে চৰকাৰৰ আলোচনাৰ প্ৰতিশ্ৰুতি, আবছু আদি দলসমূহে চৰকাৰক কৰি অহা দাবী সমূহ পূৰণ কৰা আদি প্ৰতিশ্ৰুতি প্ৰদান কৰে ভোটাৰ ৰাইজক। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ৰংগুৰা নাৰ্জাৰীয়ে বি পি এফ আৰু বিজেপিৰ মিত্ৰজোঁটক তীৰ্ব সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলকো সমালোচনা কৰে।

উল্লেখযোগ্য যে, লোকসভা নিৰ্বাচনত দলটোৱে কোকৰাঝাৰ আৰু মঙলদৈ দুখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তদুপৰি, ধুবুৰী আৰু বৰপেটাত য়ু পি পি এলে আনুষ্ঠানিক ভাবে এ আই য়ু ডি এফৰ লগত মিত্ৰতাৰ কথা ঘোষণা কৰি সমষ্টি দুটাত এ আই য়ু ডি এফৰ প্ৰাৰ্থীক সমৰ্থন দিয়াৰ কথা উল্লেখ কৰিছে।

আনহাতে, কোকৰাঝাৰ সমষ্টিত এইবাৰ ৰাইজে নৱ শৰণীয়া আৰু বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিপৰীতে ভোট প্ৰদান কৰি য়ু পি পি এলৰ প্ৰাৰ্থী ঔৰ্খাও গৌৰাং ব্ৰহ্মক জয়ী কৰাব বুলি মন্তব্য কৰে মাওতি ব্ৰহ্ম হাজোৱাৰীয়ে। য়ু পি পি এলৰ লগতে আজি অসম গণ পৰিষদেও নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে।