NORTHEAST NOW (Assamese)

ইউপিএছচিৰ অধ্যক্ষ মনোজ ছোনীৰ পদত্যাগ; পূজা খেড়কাৰৰ ঘটনাৰ পাছতে এই পদক্ষেপ

July 20, 2024 11:49 am ·

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অধ্যক্ষ মনোজ ছোনীয়ে পদত্যাগ দাখিল কৰিছে। তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। তেওঁ সংবাদ সংস্থা এএনআইক জনাইছে যে এই সিদ্ধান্ত ব্যক্তিগত কাৰণত লোৱা হৈছে।

প্ৰশিক্ষণৰত আই এ এছ বিষয়া পূজা খেড়কাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগত ইউ পি এছ চিৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। শুকুৰবাৰে মহাৰাষ্ট্ৰৰ বাসিন্দা বিষয়াজনৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰে ইউপিএছচিয়ে। তেওঁক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত নহয় সেই বিষয়ে জানিবলৈ UPSC য়ে কাৰণ দেখুওৱাৰ জাননী বিচাৰিছে।

তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ নথি জাল কৰি বিশেষভাৱে সক্ষম কোটাত চাকৰি পাইছিল। ইয়াৰ ফলত ইউ পি এছ চিৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে। বহুতে প্ৰশ্ন উত্থাপন কৰিছে, ইউ পি এছ চিৰ দৰে সংস্থা এটাই সেই প্ৰশিক্ষাৰ্থীগৰাকীক সকলো পৰীক্ষা নকৰাকৈ কেনেকৈ মনোনীত কৰিলে।

এই অস্বস্তিকৰ পৰিস্থিতিও অধ্যক্ষৰ পদত্যাগৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে। কিন্তু নিয়মটো হ’ল ৰাষ্ট্ৰপতিলৈ লিখা চিঠি হ’লেও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ অন্তৰ্গত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে সমগ্ৰ বিষয়টো চাব। পদত্যাগ পত্ৰ সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই।

অৱশ্যে ছোনীৰ ঘনিষ্ঠ সূত্ৰই দাবী কৰিছে যে পূজা কাণ্ডৰ লগত অধ্যক্ষৰ পদত্যাগৰ কোনো সম্পৰ্ক নাই। পোন্ধৰ দিন পূৰ্বে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। চৰকাৰে এতিয়াও মানি লোৱা নাই। ইয়াৰ পূৰ্বেও ছোনীয়ে পদত্যাগ কৰাৰ উদ্দেশ্য প্ৰকাশ কৰিছিল। ঘনিষ্ঠ মহলত তেওঁ কয় যে তেওঁ সামাজিক আৰু আধ্যাত্মিক কামত সময় উচৰ্গা কৰিব বিচাৰে। ২০২৩ চনৰ ১৬ মে’ত তেওঁ দায়িত্ব লয়। ২০২৯ চনৰ ১৫ মে’ত তেওঁৰ কাৰ্যকাল শেষ হ’ব।

Related News