NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা, পুনৰ পুৰুষৰ বিপৰীতে মহিলাৰ দপদপনি

May 23, 2023 8:55 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 23, 2023 8:56 pm

মংগলবাৰে (২৩ মে’) বিয়লি কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২২ বৰ্ষৰ ভাৰতীয় অসামৰিক সেৱাৰ সংযুক্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.inত উপলব্ধ হৈছে এই ফলাফল।

বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পুৰুষৰ বিৰপীতে মহিলাৰ সাফল্যৰ হাৰ অধিক। এইবাৰো শীৰ্ষ স্থান মহিলাই দখল কৰাই নহয় শীৰ্ষ ১০ টা স্থানতো ৬ গৰাকীকৈ মহিলাই স্থান লাভ কৰিছে।

শীৰ্ষ ১০ টা স্থান লাভ কৰিছে ক্ৰমে ইশিতা কিশোৰ (১), গৰিমা লোহিয়া (২), উমা হাৰাথি এন (৩), স্মৃতি মিশ্ৰ (৪) আৰু ময়ুৰ হাজৰিকাই (৫), গহন নব্য জেমছ (৬), ৱাছিম আহমেদ ভাট (৭), অনিৰুদ্ধ যাদৱ (৮), কণিকা গোৱেল (৯) আৰু ৰাহুল শ্ৰীবাস্তৱ (১০)।

উল্লেখ্য, ১৮ এপ্ৰিলত ইউ পি এছ চি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত হৈছিল। যোৱা ৩০ জানুৱাৰীৰ মূল পৰীক্ষা অনুষ্ঠিত। মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ২৫২৯ গৰাকী পৰীক্ষাৰ্থীয়ে মৌখিক সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল।

২০২২ চনৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত ইউ পি এছ চিয়ে আই এ এছ, আই পি এছকে ধৰি অসামৰিক সেৱাত ১০১১টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল।

Related News