NORTHEAST NOW (Assamese)

‘প্ৰতিভা সেতু’: নিয়োগৰ নতুন পথ মুকলি কৰিব ইউ পি এছ চিৰ নতুন আঁচনিয়ে

August 31, 2025 5:36 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় লোকসেৱা আয়োগে (UPSC) ‘প্ৰতিভা সেতু’ নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে পৰীক্ষাৰ সকলো পৰ্যায় উতিৰ্ণ হ’লেও চূড়ান্ত মেধা তালিকাত স্থান নোপোৱা ইচ্ছুক পৰীক্ষাৰ্থীসকলক চৰকাৰী আৰু বেচৰকাৰী সংস্থাত নিয়োগৰ সুযোগ বিচাৰি উলিওৱাত সহায় কৰিব। পূৰ্বে ‘ৰাজহুৱা প্ৰকাশ আঁচনি’ (PDS) নামেৰে পৰিচিত এই আঁচনিৰ নতুন ৰূপ প্ৰতিভা সেতু’। ইউ পি এছ চিৰ এই নতুন আঁচনিয়ে মূলত প্ৰতিভা সম্পন্ন সকলক নিয়োগৰ কৰাত সহায় কৰিব।

ইউ পি এছ চিৰ ৰ মতে, এই মঞ্চই প্ৰায় সমান যোগ্যতাসম্পন্ন কিন্তু অপ্ৰস্তাৱিত প্ৰাৰ্থীৰ বাবে দ্বিতীয় সুযোপ্ৰদান কৰিব। সংস্থাসমূহে লগইন আইডিৰ মাধ্যমেৰে বা নিজেই UPSC-ৰ পৰ্টেলত চাইন আপ কৰি শিক্ষাগত অৰ্হতা আৰু যোগাযোগৰ তথ্যসহ প্ৰাৰ্থীৰ ‘বায়’ডাটা চাব পাৰিব।

বৰ্তমান এই তথ্যভঁৰালত ১০ হাজাৰতকৈও অধিক ইচ্ছুক পৰীক্ষাৰ্থীৰ তথ্য আছে, যিয়ে অসামৰিক সেৱা, ভাৰতীয় বন সেৱা, ইঞ্জিনিয়াৰিং সেৱা, CAPF, CDS আদি বিভিন্ন পৰীক্ষাৰ সকলো পৰ্যায় পাৰ কৰিছে। ২০১৮ চনত আৰম্ভ হোৱা এই আঁচনিকেই ‘প্ৰতিভা সেতু’ নামেৰে পুনৰ আৰম্ভ কৰা হৈছে।

Related News