• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2024 1:03 pm
29.4k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিদিনে স্বামী মদ্যপান কৰি ঘৰলৈ উভতি আহিছিল। প্ৰহাৰ, হাৰাশাস্তি, নিৰ্যাতন প্ৰতিদিনে চলি আছিল। আনকি ৰেহাই দিয়া নাছিল নাবালক পুত্ৰকো। অৱশেষত স্বামীৰ অত্যাচাৰত বিৰক্ত হৈ পত্নীয়ে স্বামীক হত্যা কৰি শৰীৰটো জ্বলাই দিয়ে। ইতিমধ্যে অভিযুক্ত মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনাটো অসমৰ যোৰহাটৰ মুৰ্মুৰিয়া চাহ বাগিচাত সংঘটিত হৈছে এই ঘটনা। প্ৰহ্লাদ সোৰেনে নাম ব্যক্তিজন উক্ত বাগিচাতে বাস কৰিছিল। তেওঁ পেছাত আছিল চাহ বাগিচাৰ শ্ৰমিক৷ প্ৰহ্লাদৰ পত্নীয়ে আৰক্ষীক জনোৱা মতে তেওঁ দীৰ্ঘদিন ধৰি ঘৰুৱা হিংসাৰ বলি হৈ আছিল। অভিযোগ অনুসৰি স্বামীয়ে প্ৰতিদিনে পত্নীক মাৰপিট কৰিছিল। ধৃত মহিলাগৰাকীয়ে সেই জীৱনৰ পৰা মুক্তি পাবলৈ স্বামীক হত্যা কৰা বুলি কয়। নাবালক পুত্ৰৰ সৈতে আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট জিলা আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই কয় যে তেওঁৰ বিৰুদ্ধে সংশ্লিষ্ট আইন অনুসৰি বিচাৰ হ’ব।

যোৱা বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় সূত্ৰ অনুসৰি প্ৰহ্লাদৰ ঘৰৰ আশে-পাশে থকা একাংশ বাসিন্দাই তেওঁৰ পত্নীয়ে কিবা জ্বলাই থকা দেখিছিল। সেই কথাত তেওঁলোকৰ সন্দেহ উপজে।পাছত আৰক্ষীক এই বিষয়ে অৱগত কৰা হয়।আৰক্ষী আহি প্ৰহ্লাদৰ আধা পোৰা মৃতদেহ উদ্ধাৰ কৰে। লগে লগে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। এই হত্যাকাণ্ডৰ কথা আৰক্ষীৰ আগত স্বীকাৰোক্তি দিছে অভিযুক্তই। লগতে তেওঁ কয় যে তেওঁ নিজৰ পুত্ৰক স্বামীৰ পৰা বচাবলৈ এই সিদ্ধান্ত লৈছিল।

মৃত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰিছে। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd