মিৰাকল! : ৪৫ মিনিট ধৰি শ্বাস-প্ৰশ্বাস বন্ধ; তাৰপিছতো জী উঠিল এজন ব্যক্তি; পিছে কেনেকৈ?

hiker-1

৪৫ মিনিট সম্পূৰ্ণ স্বাস-প্ৰশ্বাস বন্ধ হৈ থকাৰ পিছতো পুনৰ জী উঠিল এগৰাকী মাৰ্কিন নাগৰিক।

লোকজনৰ নাম মাইকেল নেপিনস্কিন। ৪৫ বছৰীয়া মাইকেলে যোৱা ৭ নৱেম্বৰত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মাউন্ট ৰেইনাৰ জাতীয় উদ্যানলৈ ভ্ৰমণৰ বাবে ওলাই গৈছিল।

উদ্যানৰ ভিতৰত পথ হেৰুৱাই মাইকেল পাহাৰৰ মাজত আৱদ্ধ হৈ পৰে। অতি ঘন অৰণ্যৰে ভৰা পাহাৰটো আছিল অত্যন্ত ঠাণ্ডা।

পিছদিনা হেলিকপ্টাৰেৰ উদ্যানখনত সন্ধানহীন মাইকেলক বিচাৰি অভিযান চলোৱা হয়। বহু সময় সন্ধান চলোৱাৰ পিছত মাইকেলক উদ্ধাৰ কৰে অভিযানকাৰী দলটোৱে।

অভিযানকাৰী দলটোৰ গ্ৰাউণ্ড টিমে এয়াক্ৰাফ্টেৰে নামি মাইকেলক উদ্ধাৰ কৰি ৱাশ্বিংটনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

মাৰাত্মক ঠাণ্ডাৰ ফলত ইতিমধ্যে মাইকেলৰ শ্বাস-প্ৰশ্বাস বন্ধ হৈ গৈছিল। অৱশ্যে তেওঁৰ নাড়ীটো তেতিয়াও সক্ৰিয় হৈ আছিল।

চিকিৎসকৰ দলে লগে লগে মাইকেলক ইমাৰ্জেন্সিত ভৰ্তি কৰোৱায় CPR পদ্ধতিৰে শ্বাস-প্ৰশ্বাস পুনৰ ওভতাই অনাৰ বাবে চেষ্টা কৰে।

আনকি চিকিৎসকৰ দলটোৱে ECMO যন্ত্ৰও ব্যৱহাৰ কৰে। এই প্ৰক্ৰিয়াৰে মাইকেলৰ শৰীৰৰ পৰা কাৰ্বন-ডাই-অক্সাইড উলিয়াই অক্সিজেন প্ৰৱেশ কৰাৰ বাবে ৰক্ত বাহিৰ কৰা হয়।

এই প্ৰক্ৰিয়া সমাপন কৰোতে সময় লাগে প্ৰায় ৪৫ মিনিট। ইয়াৰ পিছতে মাইকেলৰ শ্বাস-প্ৰশ্বাসৰ শব্দ শুনা পায় চিকিৎসকৰ দলটোৱে। মাইকেলে সম্পূৰ্ণ দুটা দিনৰ পিছত চেতনা ঘূৰাই পায়।

মাইকেলে শ্বাস-প্ৰশ্বাস ওভতাই পোৱাৰ পিছত আশ্বৰ্যচকিত হৈ পৰা চিকিৎসক দলটোৱে ইয়াক এক মিৰাকল বুলি অভিহিত কৰিছে।

ইফালে পুনৰ জীৱন লাভ কৰি মাইকেলো হৈ পৰিছে অতি আচৰিত। “কি হৈছিল মই একো গমেই পোৱা নাছিলো। হয়তো মই মৰিয়ে গৈছিলো। কিন্তু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ দলৰ অহোপুৰুষাৰ্থত মই পুনৰ জীৱন লাভ কৰিলো। ইয়াৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ জনাইছো।” মাইকেলে কয়।

ইফালে মৃতপ্ৰায় এগৰাকী ৰোগীক প্ৰাণ বচাই উৎফুল্লিত হৈ পৰিছে চিকিৎসক দলটোৰ সৈতে স্বাস্থ্যকৰ্মীসকল।

হোৱাইটনিও নামৰ নাৰ্ছ এগৰাকীয়ে কয়, “বহু চেষ্টাৰ পিছত যেতিয়া তেওঁ চকু খোলে, চকুৰে লুটক বাগৰি আহিছিল। আমাৰ সকলো পৰিশ্ৰমৰ বাবে তেওঁল পুনৰ জীৱন লাভ কৰিলে, আমাৰ ভাল লাগিছে।”

অৱশ্যে চেতনা ঘূৰাই পেলাও প্ৰথমাৱস্থাত মাইকেলৰ কিডনী আৰু হৃদযন্ত্ৰই স্বাভাৱিকভাৱে কাম কৰা নাছিল। চিকিৎসকৰ দলে চিকিৎসা কৰাৰ পিছত তেওঁ সুস্থ হৈ উঠিছে।

যোৱা শুকুৰবাৰে ক্ৰমাৎ সুস্থ হৈ উঠা মাইকেলক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়ে চিকিৎসকৰ দলে।