ভাৰত-পাকিস্তান যুদ্ধৰ আশংকাত আধাতে ভ্ৰমণ সামৰি অসমৰ পৰা দিল্লীলৈ উভতিল মাৰ্কিন ৰাষ্ট্ৰদূত

US-750x375

অসম আৰু মেঘালয় ভ্ৰমণলৈ অহা মাৰ্কিন ৰাষ্ট্ৰদূতৰ আলোকচিত্ৰ

ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা উত্তেজনাময় পৰিস্থিতিক কেন্দ্ৰ কৰি পোন প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয়লৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অহা ভাৰতস্থিত মাৰ্কিন ৰাষ্ট্ৰদূত কেনেথ আই জাষ্টাৰে আধাতে ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উৰা মাৰে।

কিছু দৰকাৰী কামৰ বাবে ৰাষ্ট্ৰদূতগৰাকী হঠাৎ নতুন দিল্লীলৈ যাৱলগীয়া হোৱা বুলি মাৰ্কিন ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰিছে বুলি মেঘালয় চৰকাৰৰ এজন জ্যেষ্ঠ কৰ্মচাৰীয়ে নৰ্থ-ইষ্ট নাওক জনায়।

আনহাতে, মাৰ্কিন ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা জাষ্টাৰৰ ভ্ৰমণসূচী সলনি কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বিজ্ঞপ্তি প্ৰকাশ কৰা নাই যদিও ভাৰত আৰু পাকিস্তানৰ মাজত বৃদ্ধি হোৱা উত্তেজনাময় পৰিস্থিতিৰ বাবেই ৰাষ্ট্ৰদূতগৰাকীয়ে আধাতে ভ্ৰমণ সামৰি উভতি যোৱা বুলি সন্দেহ কৰা হৈছে।

অসম চৰকাৰৰ প্ৰট’কল কাৰ্য্যালয়ে প্ৰকাশ কৰা মতে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীয়ে অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকৰ পাছতে ২৬ ফেব্ৰুৱাৰি অৰ্থাৎ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ পৰা বিমানেৰে দিল্লীলৈ উৰা মাৰে।

পূৰ্ব নিৰ্ধাৰিত ভ্ৰমণসূচী মতে আজি ৰাষ্ট্ৰদূতগৰাকী ৰাতিপুৱাই গুৱাহাটীৰ পৰা শ্বিলঙলৈ ৰাওনা হোৱাৰ কথা আছিল। মেঘালয়ৰ ভ্ৰমণৰ সময়ত পৰ্যটন স্থান সমূহৰ উপৰি বৰাপানীত থকা উত্তৰ-পূব আৰক্ষী প্ৰশিক্ষণ শিৱিৰ পৰিদৰ্শন কৰাৰো কথা অছিল ৰাষ্ট্ৰদূতগৰাকীৰ।

আনহাতে, ভ্ৰমণসূচী মতে বৃহস্পতিবাৰে সন্ধিয়া মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয় আৰু মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ সৈতে বৈঠকত মিলিত হোৱাৰ কথা আছিল জাষ্টাৰ। মাৰ্কিন ৰাষ্ট্ৰদূত জাষ্টাৰৰ সলনি এতিয়া মাৰ্কিন কনচোল-জেনেৰেল পাট্টি হফমেনে মেঘালয় ভ্ৰমণ কৰিব।