আমেৰিকাৰ সকীয়নি! আকৌ চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰিলে ৰাছিয়াই ভাৰতক সহায় নকৰে

White House

আমেৰিকাৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দালীপ সিং।

চীনে যদি আকৌ প্ৰকৃত নিয়ন্ত্ৰণৰেখা উলংঘা কৰে, তেতিয়াহ’লে ৰাছিয়াই ভাৰতক সহায় কৰিব বুলি আশা নকৰাই ভাল। বৃহস্পতিবাৰে ভাৰতক এনে এক সতৰ্কবাণী শুনালে আমেৰিকা যুক্তৰাষ্ট্ৰই।

ৰাছিয়াই ইউক্ৰেইনত যিদৰে সামৰিক অভিযান চলাইছে, তাৰপিছতো ভাৰতে তেওঁলোকৰ পৰা যিদৰে তেল, শক্তি সম্পদকে ধৰি বিভিন্ন সামগ্ৰী আমদানি বৃদ্ধি কৰিছে সেইটো সহজভাৱে ল’ব পৰা নাই আমেৰিকাই।

বৃহস্পতিবাৰে ভাৰতৰ বৈদেশিক সচিব হৰ্ষবৰ্দ্ধন স্ৰিংলা আৰু আন প্ৰতিনিধিৰ সৈতে আমেৰিকাৰ উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা দালীপ সিঙৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সিঙে চীনৰ সৈতে ৰাছিয়াৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ প্ৰসংগ উত্থাপন কৰে।

লগতে পঢ়ক: ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

বৈঠকতে সিঙে সতৰ্কবাণী শুনাই কয় যে চীনে যদি প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা উলংঘা কৰে তেতিয়াহ’লে ভাৰতৰ ৰক্ষক হিচাপে ৰাছিয়াই আহি থিয় দিব বুলি আশা কৰাটো ভুল। তেওঁ লগতে সকীয়াই দিয়ে যে কোনো দেশে যদি ৰাছিয়াৰ কেন্দ্ৰীয় বেংকৰ সৈতে বিত্তীয় লেনদেন অব্যাহত ৰাখে সেইটো আমেৰিকাই ভাল চকুৰে নাচাব।  

ইউক্ৰেইনত ৰাছিয়াই সামৰিক অভিযান চলোৱাৰ পিছতেই তেওঁলোকৰ ওপৰত আমেৰিকাই এলানি নিষেধাজ্ঞা আৰোপ কৰিছে। এনে পৰিস্থিতিতো ভাৰতে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক অটুট ৰাখিছে।

দালীপ সিঙে কয় যে ইয়াত আমেৰিকাৰ নিষেধাজ্ঞাক অমান্য কৰা হোৱা নাই যদিও আমেৰিকাই বিচাৰে যে তেওঁলোকৰ মিত্ৰ দেশসমূহে যাতে কোনো অবিশ্বস্ত সৰবৰাহকাৰী দেশৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰে।

লগতে পঢ়ক: চেন্নাইক ৬ উইকেটত হৰুৱাই আইপিএলত প্ৰথম জয় লক্ষ্ণৌৰ

উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীলৈ বুধবাৰে ভাৰতলৈ আহিছে দালীপ সিং। আনহাতে, বৃহস্পতিবাৰেই দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হয় ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰভ। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ভাৰতত উপস্থিত হোৱাৰ সময়তে আমেৰিকাৰ এই সতৰ্কবাণী যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।