বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জুৰীয়ে উকীল এলেক্স মুৰ্ডাউগক তেওঁলোকৰ হান্টিং ইষ্টেটত তেওঁৰ পত্নী আৰু পুত্ৰক হত্যা কৰাৰ বাবে দোষী সাব্যস্ত কৰিছে।
ন্যায়াধীশ আৰু অধিবক্তাৰে ভৰা দক্ষিণ কেৰোলিনাৰ এটা অভিজাত পৰিয়ালৰ বংশধৰ ৫৪ বছৰীয়া মুৰ্ডাউগক তেওঁৰ পুত্ৰ পলক শ্বটগানেৰে আৰু তেওঁৰ পত্নী মেগীক বনৰীয়া গাহৰি চিকাৰ কৰাৰ বাবে ব্যৱহৃত এছল্ট ৰাইফলেৰে পৰিয়ালটোৰ বিশাল সম্পত্তিত গুলীয়াই হত্যা কৰা বুলি বৰ্ণনা কৰা হৈছে।
দক্ষিণ কেৰোলিনাৰ আদালতত প্ৰায় তিনি ঘণ্টা সময় আলোচনাৰ অন্তত জুৰীয়ে উপনীত হোৱা ৰায়টো পঢ়াৰ পিছত প্ৰতিপক্ষৰ অধিবক্তাই এটা মিছট্ৰাইলৰ বাবে অনুৰোধ কৰিছিল যাক ন্যায়াধীশ ক্লিফটন নিউমেনে তাৎক্ষণিকভাৱে অস্বীকাৰ কৰে। নিউমেনে কয়, “অপৰাধৰ অত্যধিক প্ৰমাণ আছে।‘’
ব্লেজাৰ পৰিধান কৰা আৰু সামান্য আৱেগিক দেখা যোৱা মুৰ্ডাউগক হাতকেৰেয়া লগাই আদালতৰ বাহিৰলৈ লৈ যোৱা হৈছিল আৰু সেইদৰে প্ৰায় উদ্ভট ঘটনাটোৱে স্পৰ্শ কৰা এক জটিল গোচৰৰ সমাপ্তি ঘটিছিল ।
জুৰীয়ে শুনিছিল যে কেনেকৈ মুৰ্ডাউগে তেওঁৰ প্ৰছন্ন মাদক আসক্তিৰ বাবে তেওঁৰ আইন প্ৰতিষ্ঠানৰ পৰা তথা গ্ৰাহকৰ লাখ লাখ মাছুল চুৰি কৰাৰ বছৰবোৰ ৰাজহুৱা হ’বলৈ ওলোৱাৰ শংকা অনুভৱ কৰাৰ পিছত ২০২১চনৰ ৭ জুন তাৰিখে তেওঁৰ পৰিয়ালৰ সদস্যসকলক হত্যা কৰিছিল।
যদিও হত্যাৰ অলপ আগতে মুৰ্ডাউক ঘটনাস্থলীত থকাৰ প্ৰমাণ ৰাখিছিল, বন্দুকবোৰ কেতিয়াও পোৱা নগ’ল আৰু কোনো ৰক্তাক্ত কাপোৰ বা আন প্ৰত্যক্ষ প্ৰমাণ পোৱা নাছিল যিয়ে তেওঁ যে হত্যাকাৰী প্ৰমাণ কৰিব পাৰে।
শুকুৰবাৰে তেওঁক শাস্তি প্ৰদান কৰা হ’ব। ন্যায়াধীশ নিউমেনে কয় যে প্ৰতিটো হত্যাৰ বাবে মুৰ্ডাউগে নিম্নতম ৩০ বছৰ সৰ্বাধিক কাৰাবাসৰ সন্মুখীন হ’ব লাগিব।
দক্ষিণ কেৰোলিনাৰ এটৰ্নি জেনেৰেল এলান উইলচনে ৰায়দানৰ পিছত এখন সংবাদমেলত ভুক্তভোগীসকলৰ বিষয়ে কয়, “আমি তেওঁলোকক ঘূৰাই আনিব নোৱাৰো, কিন্তু আমি তেওঁলোকক ন্যায় দিব পাৰোঁ।”
তেওঁ কয়, “আজিৰ ৰায়টোৱে প্ৰমাণ কৰে যে আপুনি সমাজত যিয়েই নহওঁক কিয় কোনেও আইনৰ উৰ্ধত নহয়।”
ছয় সপ্তাহৰ বিচাৰৰ পিছত জুৰীয়ে নিৰ্ধাৰণ কৰিছিল যে প্ৰমাণবোৰ মুৰ্ডাউগক হত্যাৰ দুটা গোচৰ আৰু দুটা আগ্নেয়াস্ত্ৰৰ অভিযোগত দোষী সাব্যস্ত কৰিবলৈ যথেষ্ট শক্তিশালী আছিল।
যোৱা সপ্তাহত দুদিন ধৰি বাৰে বাৰে কান্দোনত ভাগি পৰা মুৰ্ডাউগে ৫২ বছৰীয়া মেগী আৰু ২২ বছৰীয়া পলক হত্যা কৰাৰ কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছিল।
তেওঁ তেওঁলোকৰ বিশাল দক্ষিণ কেৰোলিনাৰ আইলেণ্ডটনৰ সম্পত্তিৰ মোচেল বুলি পৰিচিত কুকুৰৰ কেনেলত তেওঁলোকৰ মৃতদেহ আৱিষ্কাৰ কৰাৰ বৰ্ণনা দিছিল। পত্নী মেগীক ৰাইফলৰে পাঁচবাৰ গুলীয়াইছিল আৰু শ্বটগানৰ গুলীৰ বিস্ফোৰণত পুত্ৰ পলৰ মুৰটো ছিন্নভিন্ন হৈ পৰিছিল।
অভিযুক্তই স্বীকাৰ কৰিছিল যে তেওঁ চুৰি তথা টকা আত্মসাৎ কৰিছিল আৰু তেওঁৰ ড্ৰাগছৰ অভ্যাসৰ বিষয়ে মিছা কৈছিল, যিটো তেওঁৰ অধিবক্তাসকলে তাৰ খৰচ সপ্তাহত ৫০ হাজাৰ ডলাৰ হ’ব বুলি জনাইছিল। কিন্তু তেওঁ কৈছিল যে তেওঁ কেতিয়াও তেওঁৰ পৰিয়ালক হত্যা কৰাৰ বিষয়ে মিছা নকয়।
তেওঁৰ এটৰ্ণীয়ে যুক্তি দিছিল যে তদন্তকাৰীসকলে কেনেলৰ অপৰাধৰ স্থানটো বিভ্ৰান্ত কৰিছিল আৰু মুৰ্ডাউগৰ ড্ৰাগ সৰবৰাহকাৰী আৰু ২০১৯ত নাওত এগৰাকী কিশোৰীৰ মৃত্যুৰ ঘটনাত পল জড়িত থকাৰ বাবে ক্ষুব্ধ লোকসকলকে ধৰি আন সাম্ভাব্য সন্দেহজনক লোকসকলক অনুসৰণ কৰাত ব্যৰ্থ হৈছিল।
মুৰ্ডাউগৰ এটৰ্ণী জিম গ্ৰিফিনে জুৰীক কৈছিল, এইটো “সম্পূৰ্ণ অযৌক্তিক, অবিবেচক আৰু উন্মাদ… যেতিয়া তেওঁলোকৰ অপৰাধমূলক আচৰণ উন্মোচিত হয় তেতিয়া কোনোবাই তেওঁলোকৰ প্ৰিয়জনক হত্যা কৰে।”
প্ৰছিকিউটৰ ক্ৰেইটন ৱাটাৰ্ছে যুক্তি দিছিল যে মুৰ্ডাউগ এজন “নিপুণ মিথ্যাবাদী” যিয়ে এজন পঙ্গু গ্ৰাহকৰ পৰা, কেইবছৰ আগতে পৰি গৈ মৃত্যুবৰণ কৰা মুৰ্ডাউগৰ এগৰাকী প্ৰাক্তন দাসীৰ পৰিয়ালৰ পৰা আৰু তেওঁৰ আইনৰ অংশীদাৰসকলৰ পৰা ধন চুৰি কৰিছিল।
ৱাটাৰ্ছে অপৰাধৰ সন্ধিয়া তদন্তকাৰীসকলৰ ওচৰত মুৰ্ডাউগৰ মিছা কথাৰ ওপৰত আঙুলিয়াই দিছিল যে তেওঁ মৃতদেহবোৰ আৱিষ্কাৰ কৰাৰ আগতে কেনেলত নাছিল। পিছত পলৰ চেল ফোনত এটা ভিডিঅ’ পোৱা গৈছিল য’ত দেখা গৈছিল যে গুলীচালনাৰ আনুমানিক পাঁচ মিনিট আগতে মুৰ্ডাউগ তাত আছিল।
ৱাটাৰ্ছে কৈছিল যে পলে অলপতে তেওঁৰ পিতৃৰ ড্ৰাগছৰ অভ্যাস আৱিষ্কাৰ কৰিছিল আৰু হত্যাৰ ৰাতিপুৱা মুৰ্ডাউগে তেওঁৰ আইনৰ অংশীদাৰী ফাৰ্মত ধন হেৰুওৱাৰ ঘটনাৰ মুখামুখি হৈছিল।
ৱাটাৰ্ছে কয়, “যিসকলে ভাবিছিল যে তেওঁলোকে তেওঁ কোন জানে, মুৰ্ডাউগে তেওঁলোকক মুৰ্খ সজাইছে।” তেওঁ জুৰীক কৈছিল, “তেওঁ মেগী আৰু পলকো মুৰ্খ সজাইছিল আৰু তেওঁলোকে তেওঁলোকৰ জীৱনৰ হেৰুৱাবলগীয়া হ’ল।”