NORTHEAST NOW (Assamese)

ট্ৰাম্পৰ জয়ত উল্লাসিত বিজেপি সমৰ্থকলৈ দুঃখবৰ! অবৈধভাৱে আমেৰিকাত থকা ১০৪ জন ভাৰতীয়ক প্ৰত্যাৱৰ্তন

February 5, 2025 6:12 pm · এন ই নাও নিউজ, গুৱাহাটী

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ কিছু দিনৰ পাছতে ডনাল্ড ট্ৰাম্পে ঘোষণা কৰে যে ৱাশ্বিংটনে অবৈধভাৱে দেশখনত প্ৰৱেশ কৰা বা অনুমতি অবিহনে দেশখনত বাস কৰা লোকসকলক বিতাড়িত কৰিব। সেই অনুসৰি প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়াও আৰম্ভ হৈছে। বুধবাৰে পঞ্জাৱৰ অমৃতসৰত ১০৪ ভাৰতীয়ক লৈ এখন আমেৰিকাৰ সামৰিক বিমান অৱতৰণ কৰে।

আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয়সকলক আমেৰিকাই এনেদৰে বিতাড়ন কৰিছে। ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে গুৱেটামালা, পেৰু, হণ্ডুৰাছৰ দৰে দেশৰ নাগৰিকক সামৰিক বিমান ব্যৱহাৰ কৰি ঘূৰাই পঠিয়াইছিল। অৱশ্যে অনুমান কৰা হৈছে যে কেৱল ১০৪ জনেই নহয়, আৰু বহু লোকক ভাৰতলৈ প্ৰেৰণ কৰা হব।

ইফালে, শেহতীয়াকৈ হোৱাইট হাউছে সামৰিক বিমানেৰে আন দেশৰ নাগৰিকক প্ৰত্যাৱৰ্তন কৰা কেইবাখনো ফটো প্ৰকাশ কৰিছে। ইয়াত মানুহক শাৰী পাতি বিমানত উঠাই দিয়া দেখা গৈছিল। সকলোৰে কঁকালত শিকলি বান্ধি থোৱা আছে! যাৰ বাবে আৰম্ভ হৈছিল এক বৃহৎ বিতৰ্ক।

২০২৪ চনৰ পিউ ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি আমেৰিকাত বসবাস কৰা অবৈধ অনুপ্ৰৱেশকাৰীৰ তৃতীয় বৃহত্তম গোট ভাৰতীয়। আমেৰিকালৈ সৰ্বাধিক সংখ্যক অনুপ্ৰৱেশকাৰী মেক্সিকোৰ পৰা, তাৰ পিছতে আছে ছালভাডৰবাসী।

নতুন দিল্লীয়ে অৱশ্যে ইতিমধ্যে উল্লেখ কৰিছে যে কেৱল আমেৰিকাই নহয়, বিশ্বৰ যিকোনো এখন দেশত অবৈধভাৱে বাস কৰা কোনো ভাৰতীয় নাগৰিকক ঘূৰাই লোৱাত ভাৰতৰ কোনো আপত্তি নাই।

Related News