• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক্ৰমাৎ তিক্ত হৈ পৰিছে ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্ক! ভাৰত ভ্ৰমণ বাতিল আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2025 9:30 am
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত ভ্ৰমণ বাতিল কৰিছে আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি দলে। ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ মাজতে ভাৰতৰ বাবে এই বাণিজ্যিক বৈঠক আছিল আশাৰ ৰেঙণি। আশা কৰা হৈছিল যে দুয়োখন দেশৰ মাজত বাণিজ্য খণ্ডত যি অনিশ্চয়তা জমা হৈ আহিছে, সেই অনিশ্চয়তা সমাধান হ’ব। অৱশ্যে বৈঠক বাতিল হোৱাৰ ফলত এতিয়াৰ বাবে সেই সম্ভাৱনা বন্ধ হৈ পৰিছে।

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ সহকাৰী বাণিজ্য প্ৰতিনিধি ব্ৰেণ্ডন লিঞ্চৰ নেতৃত্বত গঠিত বাণিজ্য প্ৰতিনিধি দলটো ২৫ আগষ্টত ভাৰতত উপস্থিত হোৱাৰ কথা আছিল।দুয়োখন দেশৰ বৈঠকৰ তাৰিখ ৩০ আগষ্টলৈ নিৰ্ধাৰণ কৰা হৈছিল।কিন্তু শেষ মুহূৰ্তত শনিবাৰে আমেৰিকাৰ দলটোৱে আনুষ্ঠানিকভাৱে এই ভ্ৰমণ বাতিল কৰে। অৱশ্যে আকস্মিকভাৱে এই ভ্ৰমণ বাতিল কৰাৰ কাৰণ স্পষ্ট হোৱা নাই। অৱশ্যে সূত্ৰৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তাৰিখ চূড়ান্ত নোহোৱালৈকে বৈঠক পিছুৱাই দিয়া হ’ব।

মন কৰিবলগীয়া যে ৰাউণ্ডৰ বৈঠক হোৱাৰ পিছতো আমেৰিকা-ভাৰত বাণিজ্য চুক্তিৰ মূল বাধা হৈছে দুগ্ধ আৰু কৃষিজাত সামগ্ৰীৰ দৰে খণ্ড। ভাৰতত এই খণ্ডসমূহৰ বাণিজ্যৰ প্ৰতি আমেৰিকাই আগ্ৰহী। অৱশ্যে ভাৰতে কৃষক আৰু পশুপালকৰ স্বাৰ্থৰ লগত আপোচ নকৰে বুলি স্পষ্ট কৰি দিছে। আমেৰিকাৰ দাবী মানি লোৱা নহ’ব কাৰণ ইয়াৰ ফলত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ জীৱিকাত প্ৰভাৱ পৰিব। যিহেতু ৫ লানিৰ বৈঠকত কোনো সমাধান পোৱা নগ’ল, সেয়েহে চুক্তিৰ চূড়ান্ত সময়সীমা শেষ হোৱাৰ পিছত ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰে। তাৰ পিছত ২৫-৩০ আগষ্টৰ বাবে ষষ্ঠ লানি বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হয়। ইয়াৰ মাজতে ট্ৰাম্প প্ৰশাসনে ভাৰতৰ ওপৰত হেঁচা বৃদ্ধি কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ অভিযোগ উত্থাপন কৰি আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰে। মুঠ শুল্ক ৫০ শতাংশ।

অৱশ্যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে বুলি স্পষ্টকৈ উল্লেখ কৰিছে। ভাৰতে অৱশ্যে কৈছে যে আমি আগৰ তুলনাত আমেৰিকাৰ পৰা অধিক তেল কিনিছো, কিন্তু আমি ৰাছিয়াৰ তেলও কিনিছো, ইয়াক বন্ধ কৰাটো সম্ভৱ নহয়। শুকুৰবাৰে ট্ৰাম্পে ফক্স নিউজক জনাইছিল যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ভাৰতৰ হাতত “এজন তেলৰ গ্ৰাহক” হেৰুৱাইছে, যিয়ে পূৰ্বে প্ৰায় ৪০ শতাংশ তেল ক্ৰয় কৰিছিল। লগতে গৌণ শুল্ক আৰোপ কৰাৰ হুংকাৰ দিয়ে। কিন্তু তথ্য অনুসৰি আগষ্ট মাহৰ প্ৰথম ১৫ দিনত ভাৰতে ৰাছিয়াৰ পৰা প্ৰতিদিনে ১৮ লাখ বেৰেল তেল ক্ৰয় কৰিছিল, যিটো সমগ্ৰ জুলাই মাহত প্ৰতিদিনে ১৬ লাখ বেৰেল তেল ক্ৰয় কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

৭৫ বছৰ বয়সত মোদী, অৱসৰৰ জল্পনা-কল্পনা পুনৰ বাতৰিত! কি চলিছে বিজেপিৰ অভ্যন্তৰত?

September 18, 2025 10:46 am
চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

চৰম বিপৰ্যয়! গাজা চহৰত খাদ্য আৰু ইন্ধনৰ নাটনিৰ সতৰ্কবাণী ৰাষ্ট্ৰসংঘৰ

September 18, 2025 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd