আমেৰিকাত বিমান দুৰ্ঘটনাগ্ৰস্ত কৰি ৱালমাৰ্ট উৰুৱাই দিয়াৰ ভাবুকি পাইলটৰ; অৱশেষত অৱতৰণ

আমেৰিকা যুক্তৰাষ্ট্ৰত এখন সৰু বিমানৰ পাইলটে মিচিচিপিৰ ৱালমাৰ্ট শ্বপিং চেণ্টাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছিল। কিন্তু বিমানখন কোনো দুৰ্ঘটনা নোহোৱাকৈ অৱতৰণ কৰা হয়। ভাবুকি দিয়া পাইলটজনক জিম্মাত লোৱা হৈছে।

মিচিচিপিৰ গভৰ্ণৰ টেট ৰিভছে এটা টুইটযোগে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰা হৈছে আৰু কোনো লোক হতাহত হোৱা নাই।

বাতৰি অনুসৰি, ঘটনাটোত জড়িত পাইলটজনৰ নাম বা পৰিচয় প্ৰকাশ কৰা হোৱা নাই। সৰু বিমানখন টিপেলো চহৰৰ ওপৰেৰে পাঁচ ঘণ্টা উন্মত্তভাৱে উৰিছিল।

লগতে পঢ়ক: চীনৰ ঋণ এপৰ বিৰুদ্ধে বাংগালুৰুত ইডিয়ে চলালে অভিযান; ১৭ কোটি টকা জব্দ

ইয়াৰ পূৰ্বে পাইলটজনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰুৰীকালীন সেৱা ৯১১ লৈ ফোন কৰি ৱালমাৰ্ট চেণ্টাৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিছিল। লগে লগে ৱালমাৰ্টৰ দোকান আৰু ওচৰৰ গেছ ষ্টেচনবোৰ খালি কৰা হয়। তদুপৰি, তাৰ পৰা মানুহক আঁতৰি যাবলৈ সতৰ্ক কৰি দিয়াও হয়। 

কৰ্তৃপক্ষই কয় যে বিচক্ৰাফ্ট কিং এয়াৰ চি ৯০এ নামৰ ১১ আসনযুক্ত বিমানখন চুৰি হৈছিল। বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰাৰ ভাবুকি দিয়া পাইলটজন স্থানীয় বিমানবন্দৰত নিযুক্তি লাভ কৰিছিল নেকি জানিবলৈ চেষ্টা চলি আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগকে ধৰি গুৰুত্বপূৰ্ণ বিভাগবোৰে ঘটনাটোৰ তদন্ত কৰি আছে।