ক’ৰ’না ভাইৰাছৰ প্ৰসংগ লৈ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনক আক্ৰমণ অব্যাহত ৰাখিছে।
শুকুৰবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্প পুনৰ চীনৰ সমালোচনাত মুখৰ হৈ পৰে।
‘‘চীনে অলপতে দেশখনত ক’ৰ’না ভাইৰাছত মৃত্যু হোৱা লোকৰ নতুন সংখ্যা দাঙি ধৰিছে যিটো পুৰ্বৰ দুগুণ কিন্তু সংখ্যা ইয়াতকৈ বহু বেছি আৰু আমেৰিকাতকৈয়ো অধিক,’’ শুকুৰবাৰে ড’নাল্ড ট্ৰাম্পে টুইটাৰত এইদৰে কয়।
উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানলৈ প্ৰায় সাত লাখ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩৭,০০০ অধিক লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে মৃত্যু মুখত পৰিছে।
আনহাতে, পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে আমেৰিকাই ক’ৰ’না ভাইৰাছ চীনৰ গৱেষণাগাৰৰ পৰা ওলাইছে নেকি এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে বুলি কৈছিল।
ক’ৰ’না ভাইৰাছৰ সন্দৰ্ভত চীনৰ স্থিতিক বিশ্বৰ শক্তিশালী প্ৰায়বোৰ দেশে সন্দেহৰ চকুৰে চোৱা আৰম্ভ কৰিছে।
বৃহস্পতিবাৰে ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণেও ক’ৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত চীনে লোৱা পদক্ষেপৰ অন্তৰালত কিবা ডাঙৰ কথা লুকাই আছে বুলি সন্দেহ ব্যক্ত কৰিছিল।