বিদায়ৰ পূৰ্বে চীনৰ বুকুত মৰ কামোৰ মাৰি গ’ল ট্ৰাম্পে, কি কৰিলে তেওঁ?

article127771

মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত সদ্য পৰাস্ত ডোনাল্ড ট্ৰাম্প কাগজে-কলমে এতিয়াও ৰাষ্ট্ৰপতি হৈয়েই আছে।

নতুন বছৰৰ জানুৱাৰী মাহত কাৰ্যকাল অন্ত পৰিবলগীয়া ট্ৰাম্পে যোৱাৰ আগে আগে চীনৰ ক্ষেত্ৰত গ্ৰহণ কৰিলে এক নেতিবাচক পদক্ষেপ।

যি পদক্ষেপৰ বাবে চীনে এতিয়া তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰভুত্ব খটুৱাব নোৱাৰিব।

শেহতীয়াকৈ মাৰ্কিন সংসদে গ্ৰহণ কৰিছে  Tibetan Policy and Support Act 2020 নামৰ বিশেষ বিধেয়ক খন।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আজি সেই বিধেয়কত স্বাক্ষৰ কৰাৰ লগে লগে সেয়া আইনত পৰিণত হৈ পৰিল।

Tibetan Policy and Support Act 2020 আইন খনত স্পষ্ট ভাবে এই কথা উল্লেখ আছে যে তিব্বতৰ দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীনে এতিয়াৰে পৰা আৰু অধিক প্ৰতাপ খটুৱাব নোৱাৰিব।

আইন খনে দালাই লামা নিৰ্বাচনৰ ক্ষেত্ৰত চীন অথবা বিশ্বৰ আন কোনো দেশৰে প্ৰভূত্ব নৰজিব বুলি উল্লেখ কৰিছে। ফলত আমেৰিকাৰ এই আইন খনকলৈ এতিয়া বিপাঙত পৰিছে চীনৰ প্ৰশাসন।

উল্লেখ্য দীৰ্ঘদিন ধৰি চীনে তিব্বতৰ ওপৰত দখলদাৰিত্ব অব্যাহত ৰাখিছে।চীনৰ নাগপাশৰ পৰা মুক্ত হ’বলৈ চেষ্টা চলোৱা তিব্বতী লোকসকলৰ ওপৰত চীনে অত্যাচাৰ চলাই আহিছে।

এনে পৰিস্থিতিত বৰ্তমানৰ দালাই লামাই পলাই গৈ ভাৰতত আশ্ৰয় ল’গলগীয়া হৈছে। আমেৰিকাৰ নতুন আইন খনে লগতে এই বুলিও কৈছে যে আমেৰিকাত চীনে দূতাবাসৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিলে তিব্বতৰ ৰাজধানী লাছাত আমেৰিকাক দূতাবাস স্থাপন কৰিবলৈ দিব লাগিব ।

তিব্বতৰ লোকসকলৰ বাবে আইন খনত বিশেষ আৰ্থিক পেকেজো ঘোষণা কৰা হৈছে।

সেই মৰ্মে তিব্বতৰ ছাত্ৰ-ছাত্ৰীয়ে আমেৰিকাৰ চৰকাৰৰ জলপানি লৈ আমেৰিকাত অধ্যয়ন কৰিব পাৰিব।ট্ৰাম্পৰ এনে পদক্ষেপে এতিয়া বিতুষ্ট কৰি তুলিছে বেইজিঙক।