জিংপিঙৰ সন্মুখতে আমেৰিকাৰ অভিযোগ—জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ চীনে হত্যা কৰিছে লাখ লাখ কন্যা শিশুক

achina

আন্তঃৰাষ্ট্ৰীয় মঞ্চত আজি আকৌ এবাৰ অস্বস্তিত পৰিবলগীয়া হ’ল চীন।

চীনত চৰকাৰী উদ্যোগতেই মহিলাৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ ঘটনা সংঘটিত হৈ  অহা বুলি আজি ৰাষ্ট্ৰসংঘৰ মজিয়াত গুৰুতৰ অভিযোগ উত্থাপন কৰে আমেৰিকাই।

১৯৯৫ চনত চীনৰ ৰাজধানী বেইজিঙত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় নাৰী সন্মিলন।

সেই সন্মিলনৰ ২৫ বছৰ পূৰ্তি উপলক্ষে আজি ৰাষ্ট্ৰসংঘত অনুষ্ঠিত কৰা হয়  এক ভাৰ্চুৱেল অনুষ্ঠান।

উক্ত অনুষ্ঠানত বিশ্বৰ বহু কেইখন দেশৰ শীৰ্ষ ৰাজনীতিকৰ সৈতে অংশগ্ৰহণ কৰে চীনৰ ৰাষ্ট্ৰপতি ঝি জিংপিঙেও।

সেই অনুষ্ঠানতে আমেৰিকাৰ শিক্ষা সচিব বেষ্টি ডেভছে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে চীনে জনসংখ্যা নিয়ন্ত্ৰণৰ উপায় হিচাবে ১৯৯৫ চনৰে পৰাই দেশখনৰ  লাখ লাখ কন্যা শিশুক হত্যা কৰিছে।

এই নাৰকীয় ঘটনাৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ দৰে সংস্থা সমূহ অৱগত যদিও এই ক্ষেত্ৰত কোনেও একো মাত মতা নাই অথবা ব্যৱস্থাও গ্ৰহণ কৰা নাই।

আমেৰিকাৰ এনে ষ্পষ্ট অভিযোগৰ পিছতো অৱশ্যে চীনৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা এতিয়ালৈকে দেখা যোৱা নাই।

উল্লেখ্য চীনে দেশ খনৰ উইঘুৰ সম্প্ৰদায়ৰ মহিলাসকলৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ লগতে মহিলাসকলক বলপূৰ্বক গৰ্ভপাত কৰোৱা বুলি বিভিন্ন মানৱাধিকাৰ সংগঠনে মুকলিকৈয়ে অভিযোগ কৰি আহিছে।