ভাৰতত বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাত দৃষ্টি ৰাখিছে আমেৰিকাই: ৰাষ্ট্ৰ সচিব ব্লিনকেন

ভাৰতত ক্ৰমে বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাৰ ওপৰত দৃষ্টি ৰাখিছে আমেৰিকাই। ভাৰত আৰু আমেৰিকাৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত নতুন দিল্লীক এনে এক অপ্ৰত্যাশিত বাৰ্তা দিলে আমেৰিকাৰ ৰাষ্ট্ৰ সচিব (চেক্ৰেটাৰী অফ ষ্টেট) এন্টনি ব্লিনকেনে।

ব্লিনকেনে কয়, ‘’আমি নিয়মিতভাৱে আমাৰ ভাৰতীয় বন্ধুসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিছো। কিছু চৰকাৰ, আৰক্ষী আৰু কাৰাগাৰৰ বিষয়ববীয়াই মানৱাধিকাৰৰ সৈতে জড়িত কিছুমান দিশ উলংঘন কৰিছে। এই সম্পৰ্কীয় কিছু শেহতীয়া ঘটনা আমাৰ দৃষ্টিগোচৰ হৈছে।‘’  

উল্লেখ্য যে ইয়াৰ পূৰ্বে মাৰ্কিন কংগ্ৰেছৰ ডেম’ক্ৰেট সদস্য ইলহান ওমৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ ওপৰত প্ৰশ্ন তুলিছিল।

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

ইলহানে কৈছিল,’’মোদী চৰকাৰে মুছলমানসকলৰ ওপৰত আৰু কি কৰিলে আমি তেওঁলোকক বন্ধু বুলি ভৱা বন্ধ কৰিম।‘’

ইলহানৰ মন্তব্যৰ এসপ্তাহৰ পিছতে সোমবাৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু বিদেশ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত ব্লিনকেনৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে ব্লিনকেনে এই সন্দৰ্ভত বিস্তৃতভাৱে একো দাঙি ধৰা নাই।

শেহতীয়াকৈ যোৱা কেইমাহত কৰ্ণাটককে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ধৰ্মীয় অসহিষ্ণুতাৰ ঘটনাই বিতৰ্কৰ সৃষ্টি কৰিছে।