ক্ষুব্ধ চীন! টাইৱানকলৈ ঐতিহাসিক সিদ্ধান্ত ল’ব বিচাৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই!

আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেট সমিতিয়ে টাইৱানকলৈ এটা ঐতিহাসিক সিদ্ধান্ত লোৱাৰ প্ৰথমটো পদক্ষেপ সম্পূৰ্ণ কৰিছে। তেওঁলোকে টাইৱান বিষয়ত অনা এখন বিধেয়কৰ সপক্ষে ভোট দিছে। যদি বিধেয়কখন গৃহীত হয় তেনেহ’লে টাইৱান-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কই এক নতুন ৰূপ ল’ব।

এই পদক্ষেপ চূড়ান্ত হ’লে টাইৱানক দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক সাহায্যৰ হাৰ যথেষ্ট বৃদ্ধি পাব। এই পদক্ষেপৰ অধীনত টাইৱানক কেইবা শ কোটি ডলাৰৰ নিৰাপত্তা সাহায্য আগবঢ়োৱাৰ কথা কোৱা হৈছে।

লগতে পঢ়ক: Vladimir Putin: পুটিনক হত্যাৰ ষড়যন্ত্ৰ! মাৰাত্মক আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি

আমেৰিকা যুক্তৰাষ্ট্ৰই টাইৱানক শতিকা ধৰি অস্ত্ৰ প্ৰদান কৰি আহিছে। কিন্তু টাইৱান পলিচি এক্ট ২০২২-ৰ অধীনত অহা চাৰি বছৰত স্বায়ত্তশাসিত অঞ্চলটোক ৪.৫ বিলিয়ন ডলাৰ সামৰিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ আওতাত চীনৰ ওপৰত অধিক নিষেধাজ্ঞাৰ পৰিকল্পনা কৰা হৈছে।

যদিও বিডেন প্ৰশাসনৰ বহুতে টাইৱান পলিচি এক্ট ২০২২কলৈ চিন্তিত। তেওঁলোকে চীনত ক্ষুব্ধ প্ৰতিক্ৰিয়াকলৈ উদ্বিগ্ন। অৱশ্যে চিনেট বৈদেশিক সম্পৰ্ক সমিতিৰ ১৭জন সদস্যই বিধেয়কখনত অনুমোদন জনায়। আনহাতে, মাত্ৰ পাঁচজনে ইয়াৰ বিৰোধিতা কৰিছে।

অৱশ্যে বিধেয়কখন আইনত পৰিণত হ’বলৈ এতিয়াও চিনেটৰ অনুমোদনৰ প্ৰয়োজন। ৰাষ্ট্ৰপতি বিডেনে বিধেয়কখনত স্বাক্ষৰ কৰিব নে নাই সেয়া হোৱাইট হাউচে এতিয়ালৈকে স্পষ্ট কৰা নাই।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ক’লে, ’৭৫ বছৰ ধৰি ভিক্ষাৰ পাত্ৰ লৈ ঘূৰি ফুৰিছো’

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ঐতিহাসিক পদক্ষেপকলৈ অসন্তুষ্ট হৈ পৰিছে চীন। দেশখনে আমেৰিকাৰ এই পদক্ষেপকলৈ প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে। যদি যুক্তৰাষ্ট্ৰই তেওঁলোকৰ সিদ্ধান্ত চূড়ান্ত কৰে তেতিয়া চীনেও ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে।