কিং চেক! মহিলা দবা চেম্পিয়নক যৌন নিৰ্যাতন গ্ৰেণ্ডমাষ্টাৰৰ! তদন্তৰ সন্মুখীন

এজন পুৰুষ গ্ৰেণ্ডমাষ্টাৰৰ বিৰুদ্ধে এগৰাকী মহিলা গ্ৰেণ্ডমাষ্টাৰক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপিত হৈছে। মহিলা দবা খেলুৱৈগৰাকীৰ অভিযোগৰ পিছত এই সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰা হৈছে।

আমেৰিকান গ্ৰেণ্ডমাষ্টাৰ জেনিফাৰ শ্বাহাডে কোষ্টা ৰিকাৰ গ্ৰেণ্ডমাষ্টাৰ আলেজান্দ্ৰো ৰামিৰেজৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। ৪২ বছৰীয়া জেনিফাৰে অভিযোগ কৰিছে যে ৩৪ বছৰীয়া ৰামিৰেজে তেওঁক কেইবাবাৰো যৌন নিৰ্যাতন কৰিছিল।

তেওঁ এই বিষয়টোত বাহিৰত যাতে মুখ নোখোলে তাৰ বাবে ৰামিৰেজে তেওঁক ভাবুকিও দিছিল। কিন্তু শেষত জেনিফাৰে মুখ খুলিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দবা সংস্থাই ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আমেৰিকান মহিলা দবা চেম্পিয়ন জেনিফাৰে তেওঁৰ অভিযোগৰ বিষয়ে টুইট কৰিছিল। তেওঁ লিখিছে,”ৰামিৰেজৰ বিৰুদ্ধে কেইবাটাও তদন্ত চলি আছে। তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন কৰাৰো অভিযোগ আছে। ৰামিৰেজৰ হাতত মইও কেইবাবাৰো যৌন নিৰ্যাতনৰ বলি হৈছিলো। মই জানো ৰামিৰেজে আন বহুতো মহিলাকো যৌন নিৰ্যাতন কৰিছে। তেওঁ শাস্তি পাবই লাগিব।”

জেনিফাৰে কৈছে যে তেওঁৰ হাতত উপযুক্ত প্ৰমাণ অহাৰ পিছতহে তেওঁ অভিযোগটো কৰিছে। তেওঁ কয়,”মই আগতে অভিযোগ কৰিব পাৰিলোহেঁতেন। কিন্তু মোৰ ওচৰত পৰ্যাপ্ত প্ৰমাণ নাছিল। মই সকলো প্ৰমাণ সংগ্ৰহ কৰিছোঁ। ৰামিৰেজে নাবালিকাবোৰক দবা শিকোৱাৰ অজুহাতত যৌন নিৰ্যাতন কৰিছিল। মই সকলো প্ৰমাণ দাখিল কৰিছো।”

অৱশ্যে ৰামিৰেজে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ অভিযোগ কৰে যে জেনিফাৰে তেওঁক ফচাবলৈ মিছা অভিযোগ আনিছে। তেওঁ আশাবাদী যে সত্যটো সন্মুখলৈ আহিব।