প্ৰতাৰণাৰ বলি উছেইন ব’ল্ট: হেৰুৱালে ১২ মিলিয়ন ডলাৰ

Usain Bolt

বিশ্বৰ দ্ৰুততম মানৱ তথা কিংবদন্তী দৌৰবিদ উছেইন ব’ল্ট চিকাৰ হৈছে এক বৃহৎ আৰ্থিক জালিয়াতিৰ। এটাৰ পিছত এটাকৈ বিশ্ব অভিলেখ স্থাপনেৰে ৮ টাকৈ অলিম্পিক স্বৰ্ণ জয় কৰা কিংবদন্তী জামাইকান তাৰকাগৰাকীয়ে প্ৰতাৰণাৰ বলি হৈ হেৰুৱাইছে বৃহৎ পৰিমাণৰ ধন।

প্ৰকাশিত খবৰ অনুসৰি, প্ৰতাৰণাৰ চিকাৰ হৈ ব’ল্টে হেৰুৱাইছে ১২ মিলিয়ন মাৰ্কিন ডলাৰ। জামাইকাৰ এটা প্ৰতিষ্ঠানত ব’ল্টে বিনিয়োগ কৰিছিল বিপুল পৰিমাণৰ ধন। কিন্তু এতিয়া সেই একাউণ্টটো প্ৰায় খালী হৈ পৰিছে। ব’ল্টৰ অধিবক্তাই এই ঘটনা সন্দৰ্ভত আদালতৰ কাষ চাপিব বুলি জানিবলৈ দিছে।

ব’ল্টৰ অধিবক্তা লিণ্টন পি গৰ্ডনে সদৰী কৰা মতে, ব’ল্টৰ সমগ্ৰ উপাৰ্জন সেই একাউণ্টত জমা হৈছিল। অৱসৰৰ পিছতো তেওঁ এই বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিছে। আৰ্থিক প্ৰৱঞ্চনাৰ পিছত তেওঁৰ একাউণ্ট প্ৰায় খালী হৈ পৰিছে।

অধিবক্তাগৰাকীয়ে উল্লেখ কৰা মতে এই একাউণ্টটোত এতিয়া মাত্ৰ ১২ হাজাৰ ডলাৰহে আছে। ভাৰতীয় টকাৰ হিচাপত এই ধনৰাশি প্ৰায় ৯ লাখ টকা। অধিবক্তাগৰাকীয়ে লগতে কয়, “এই সমগ্ৰ ঘটনাটো অত্যন্ত হতাশাজনক। আশা কৰোঁ ফাৰ্মখনে শান্তিপূৰ্ণভাৱে সকলো ধন ব’ল্টক ঘূৰাই দিব।”

কিন্তু যদিহে প্ৰতিষ্ঠানটোৱে সহযোগ নকৰে তেন্তে আদালতৰ আশ্ৰয় লোৱাৰ বাহিৰে আন কোনো বিকল্প নাথাকিব বুলি লিণ্টনে কয়। উল্লেখ্য যে প্ৰতিষ্ঠানটোত নিজৰ আৰ্জিত সকলো ধন বিনিয়োগ কৰিছিল ব’ল্টে। এই পুঁজিৰ পৰা ধন লৈ পিতৃ-মাতৃৰ যত্ন লৈছিল কিংবদন্তি স্প্ৰিণ্টাৰগৰাকীয়ে।

অৱশ্যে জামাইকাৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে ইতিমধ্যে এই প্ৰৱঞ্চনাৰ বিষয়ে মুখ মেলিছে। কিংষ্টন ষ্টকছ এণ্ড ছিকিউৰিটি লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে ১২ জানুৱাৰীত এই বিষয়ত এক বিবৃতি প্ৰকাশ কৰিছিল। তেওঁলোকৰ মতে, সংস্থাটোৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে সংঘটিত কৰিছে এই আৰ্থিক প্ৰৱঞ্চনা।

ইতিমধ্যে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰতিষ্ঠানটোৱে উল্লেখ কৰিছে। লগতে তেওঁলোকে এই সম্পত্তি উদ্ধাৰৰ বাবেও উদ্যোগ লৈছে বুলিও আশ্বাস দিয়ে।

জামাইকাৰ বিত্তমন্ত্ৰী নাইজেল ক্লাৰ্কেও ব’ল্টে এনে অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই ভয়ংকৰ জালিয়াতি কৰা অভিযুক্তৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰাৰ লগতে বিত্তমন্ত্ৰী গৰাকীয়ে ন্যায় প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।