NORTHEAST NOW (Assamese)

ছুপ্ৰীম কোৰ্টত ‘Yeah’ শব্দৰ ব্যৱহাৰ! অধিবক্তাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়

September 30, 2024 4:23 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সোমবাৰে উচ্চতম ন্যায়ালয়ক প্ৰশ্ন কৰাৰ সময়ত এজন অধিবক্তাই কেইবাবাৰো ‘য়া’ শব্দটো ব্যৱহাৰ কৰিছিল। এই ঘটনাত অধিবক্তাগৰাকীক ধমক দিয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে। অধিবক্তাজনক সম্বোধন কৰি তেওঁ কয়, এইখন আদালত। কেফে নহয়।

আজিৰ দিনটোতে ছবছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত গোচৰৰ শুনানি চলি আছিল। এই গোচৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক বিবাদী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় অধিবক্তাগৰাকীয়ে। ন্যায়াধীশ চন্দ্ৰচুড়ে প্ৰশ্ন কৰে, জনস্বাৰ্থৰ গোচৰত ন্যায়াধীশ কেনেকৈ জড়িত হ’ব পাৰে? এই সন্দৰ্ভত তেওঁ সংবিধানৰ ৩২ নং নিয়মৰ কথা উল্লেখ কৰে। যিটো বৰ্তমানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। উত্তৰত অধিবক্তাই ক’লে, “য়া ইয়া…।” ইয়াতে ক্ষুব্ধ হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে অধিবক্তাজনক ধমক দিয়ে। তেওঁ ক’লে, “এইটো কেফে নহয়। আকৌ কি ভাষা! মোৰ এনে ভাষাৰ এলাৰ্জী হৈছে।” ন্যায়াধীশ চন্দ্ৰচুড়েও এনে ভাষা আদালতত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি মন্তব্য কৰে।

ন্যায়াধীশ গগৈৰ বিৰুদ্ধে তদন্ত বিচৰা গোচৰৰ সন্দৰ্ভত অধিবক্তাগৰাকীৰ সৈতে চন্দ্ৰচুড়ৰ তৰ্কৰ সূত্ৰপাত ঘটিছিল। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়- ন্যায়াধীশ গগৈ এই আদালতৰ প্ৰাক্তন ন্যায়াধীশ। এতিয়া আপুনি ন্যায়াধীশৰ বিৰুদ্ধে তদন্ত বিচাৰি জনস্বাৰ্থৰ গোচৰ দাখিল কৰিব নোৱাৰে কাৰণ তেওঁৰ বিচাৰপীঠত আপুনি সফল নহ’ল।” ইয়াৰ পিছত ন্যায়াধীশ চন্দ্ৰচুদে তেওঁক সোঁৱৰাই দিয়ে যে উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই কোনো ন্যায়াধীশক নিন্দা কৰিব নোৱাৰি। যদিও অধিবক্তাই উত্তৰ দিলে, তেওঁ এটা বক্তব্যক অবৈধ বুলি প্ৰত্যাহ্বান জনায়। সেই বক্তব্যৰ ভিত্তিত ন্যায়াধীশ গগৈয়ে তেওঁৰ গোচৰ খাৰিজ কৰে। পুনৰ বিবেচনাৰ বাবে মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰৰ ওচৰত আবেদন জনায় অৱশ্যে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।

Related News