মাকৰ গাখীৰ নৱজাত শিশুৰ কাৰণে বৰ উপকাৰী। নৱজাত শিশু জন্ম হোৱাৰ লগে লগে আত্মীয় স্বজনৰ মাজত প্ৰায়ে নৱজাতকৰ শিশুৰ খাদ্যক লৈ চিন্তিত হোৱা দেখা যায়।
নৱজাত শিশুটিয়ে মাতৃগৰ্ভত থকাকালীন মাতৃৰ সযতনে বহিৰাগত আক্ৰমণৰ পৰা নিৰাপদে থাকে , কিন্তু মাতৃগৰ্ভৰ পৰা নৱজাতটিয়ে ভূমিষ্ঠ হোৱাৰ লগে লগে প্ৰকৃতিৰ সৈতে সংগ্ৰামত লিপ্ত হ’বলগীয়া হয়। নৱজাতটিয়ে প্ৰকৃতিৰ লগত যুঁজ দি জয়ী হোৱাটো জৰুৰী হৈ পৰে।
নৱজাতক শিশুৰ জন্মৰ পিছত প্ৰথম দুই তিনিদিন মাতৃৰ স্তনৰ পৰা যি ঘন আঠাযুক্ত পদাৰ্থ ওলাই আহে , সেইবোৰ হল কলেষ্ট্ৰাম । অনভিজ্ঞ মাতৃসমাজে এয়া নৱজাতৰ বাবে হানিকাৰক বুলি ভাবি মনেৰ সন্দেহত নৱজাতকক নুখুৱাই সেয়া মাতৃৰ স্তনৰ পৰা উলিয়াই পেলাই দিয়ে।
কলষ্ট্ৰাম হল শিশুৰ কাৰণে অতিশয় উত্তম আহাৰ ,যাক শিশুৱে এবাৰ হেৰালে মানৱ জীৱনত দুনাই কেতিয়াও উভতি নাপায়। কলষ্ট্ৰামত শিশুৰ কাৰণে ইমানেই পুষ্টি জমা হৈ থাকে , যি বেলেগ কোনো আহাৰত তেনে পুষ্টি বিচাৰি পোৱা নাযায়।
কলষ্ট্ৰামৰ গুণাগুণ সম্পৰ্কে বিচাৰ কৰিলে দেখা যায় – কলষ্ট্ৰাম এনে এক পদাৰ্থ যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অপৰিসীম। সাধাৰণতে অজ্ঞ মাতৃসকলে নৱজাত শিশুৰ কল্যানৰ কথা চিন্তা কৰি ভুলবশতঃ মাতৃৰ গাখীৰ নুখুৱাই যি ভুল কৰে , তাৰবাবে মাতৃ সকলোৱে নৱজাতকৰ কাৰণে হৈ পৰে চিৰ শত্ৰু।
এই কলষ্ট্ৰাম কৃত্ৰিম কলষ্ট্ৰামত কৈ হাজাৰ গুণে অধিক শক্তিশালী কলষ্ট্ৰাম । যাৰ সৃষ্টি মাতৃগৰ্ভত ভ্ৰণ জন্ম লোৱাৰ পিছৰে পৰা পল অনুপলে সৃষ্টি হোৱা আৰাম্ভ কৰে ।
Also Read: Pineapple: আপুনিও আনাৰস খাই ভাল পাই নেকি? জানো আহক আনাৰসৰ উপকাৰিতাৰ বিষয়ে
মাকৰ গাখীৰ নৱজাত শিশুক জন্মৰ পিছৰ পৰাই খোৱা আৰম্ভ কৰি দিব লাগে । যাতে নৱজাত শিশুক মাকৰ গাখীৰ খোৱাৰ পৰা বিৰত ৰাখি তেওঁৰ জীৱনৰ শত্ৰু হৈ নপৰো ।
মাতৃৰ গাখীৰত অপৰিসীম ৰোগ প্ৰতিৰোধ ক্ষমতা থকাৰ কাৰণে সাধাৰণতে মাৰাত্মক ৰোগ সমুহে শিশুৰ দেহত আক্ৰমণ কৰিব নোৱাৰে ।
এই মাৰাত্মক ৰোগ সমুহ হ’ল যথাক্ৰমে—হাম , ডিপথেৰিয়া , মাম্পচ , পলিঅ , এনকেফালাইটিস , ডাইৰিয়া , কাঁহ ,যক্ষ্মা , ইত্যাদি ।
প্ৰতিটোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা মাতৃৰ গাখীৰত অপৰিসীম ভাৱে থাকে । সেয়েহে মাকৰ গাখীৰ অতিকৈ প্ৰয়োজনীয়।
Also Read: Health Benefits of Cucumber : উপকাৰিতাৰ বিষয়ে জানেনে? আহকচোন চাওঁ কিমান উপকাৰী তিয়ঁহ