মটেৰাত ভাৰতীয় বলাৰৰ ছন্দপতন: খাৱাজাৰ শতকেৰে প্ৰথম দিনাই সবল স্থিতিত অষ্ট্ৰেলিয়া

India vs Australia

প্ৰথম দুখন টেষ্টত আত্মসমৰ্পণৰ পিছত যেন হেৰুওৱা শক্তি ক্ৰমাৎ ঘূৰাই পাইছে অষ্ট্ৰেলিয়াই! তৃতীয় টেষ্টত চমকপ্ৰদ প্ৰত্যাৱৰ্তনেৰে সহজ বিজয় সাব্যস্ত কৰি চলিত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জয়ৰ ট্ৰেকলৈ ঘূৰা অষ্ট্ৰেলিয়াই আজিৰ পৰা মটেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আৰম্ভ হোৱা চতুৰ্থখন টেষ্টৰ প্ৰথম দিনাই চালকৰ আসনত উপৱিষ্ট হৈছে।

দিনটোৰ খেল সামৰণিলৈকে ভ্ৰমণকাৰী দলটোৱে অপেনাৰ উছমান খাৱাজাৰ দৰ্শনীয় শতকৰ সহায়েৰে ৪ উইকেটত ২৫৫ ৰান সংগ্ৰহ কৰিছে। মটেৰাৰ উইকেট পৰীক্ষা কৰিয়েই অষ্ট্ৰেলিয়াৰ ভাৰপ্ৰাপ্ত অধিনায়ক ষ্টিভ স্মিথে এই উইকেট শৃংখলাৰ আটাইতকৈ বেটিং সহায়ক উইকেট হ’ব বুলি পূৰ্বানুমান আগবঢ়াইছিল।

এই পূৰ্বানুমান সঁচা প্ৰমাণিত কৰি আজি অষ্ট্ৰেলিয়াই পূৰ্বৰ তিনিখন টেষ্টত দুৰন্ত প্ৰদৰ্শন আগবঢ়াই অহা ভাৰতৰ বলিং লাইন আপক একপ্ৰকাৰে চিন্তান্বিত কৰি তুলিছে। বিশেষকৈ মটেৰাৰ উইকেটত স্বভাৱসিদ্ধ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাই দুই তাৰকা স্পিনাৰ ৰবীন্দ্ৰ জাদেজা আৰু ৰবিচন্দ্ৰন অশ্চিনে।

অষ্ট্ৰেলিয়ান অধিনায়ক স্মিথে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দলৰ দুই অপেনাৰ ট্ৰেভিছ হেড আৰু খাৱাজাই প্ৰথম উইকেটত ৬১ ‌ৰান যোগ দি এক দৃঢ় আৰম্ভণি দিয়ে। অৱশ্যে অভিজ্ঞ স্পিনাৰ অশ্বিনে হেড (৩২)ক পেভিলিয়নৰ পথ দেখুৱাই ভাৰতক প্ৰথমটো সফলতা দিয়ে।

ইয়াৰ পিছত ক্ৰীজলৈ অহা বিশ্বৰ শীৰ্ষস্থানৰ টেষ্ট বেটাৰ মাৰ্নাছ লাবুশ্বেন অৱশ্যে বেছি সময় ক্ৰীজত টিকিব নোৱাৰিলে। মহম্মদ ছামিৰ বলত ব্যক্তিগত ৩ ৰানত ষ্টাম্প হেৰুৱাই পেভিলিয়নমুখী হয় লাবুশ্বেন। ইয়াৰ পিছত অধিনায়ক স্মিথৰ সৈতে দলীয় স্ক’ৰ ১৫১লৈ আগুৱাই নিয়ে খাৱাজাই।

পিছে সমগ্ৰ শৃংখলাত জাদেজাৰ সমুখত অসহায় হৈ পৰা স্মিথ পুনৰ চিকাৰ হয় জাদেজাৰ। ব্যক্তিগত ৩৮ ৰানত স্মিথক ক্ৰীজ এৰিবলৈ বাধ্য কৰায় জাদেজাই। ব্যৰ্থ হয় পিটাৰ হেণ্ডচকম্ব (১৭)। দিনটোৰ আটাইতকৈ সফল ভাৰতীয় বলাৰ বিবেচিত হোৱা ছামিয়ে হেণ্ডচকম্বৰ উইকেট দখল কৰে।

ইয়াৰ পিছত অৱশ্যে দিনটোত পুনৰ সফলতা পাবলৈ সক্ষম নহ’ল ভাৰতীয় বলিং আক্ৰমণ। খাৱাজা আৰু অলৰাউণ্ডাৰ কেমেৰুন গ্ৰীনে পঞ্চম উইকেটৰ যুটীত অপৰাজিত ৮৫ ৰান যোগ দি দলক শক্তিশালী স্থিতিত উপনীত কৰায়। দিনটোৰ খেল সামৰণি পৰলৈকে খাৱাজাই ১০৪ আৰু গ্ৰীনে ৪৯ ৰান সংগ্ৰহ কৰি অপৰাজিত থাকে।