NORTHEAST NOW (Assamese)

মাজনিশা নিজ বাসগৃহৰ পৰা ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকক আটক গুৱাহাটী আৰক্ষীৰ

February 22, 2025 9:53 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 22, 2025 11:08 am

শনিবাৰে পুৱতি নিশা মহানগৰ আৰক্ষীৰ এটা দলে আটক কৰে মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, চমুকৈ ইউ এছ টি এমৰ আচাৰ্য মেহবুবুল হকক।

খবৰ অনুসৰি, পানবজাৰ আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ টাস্ক ফৰ্চে তেওঁক নিজা বাসগৃহৰ পৰা আটক কৰে।

জানিব পৰা মতে, ২০২৪ চনত কৰিমগঞ্জ থানাত ৰুজু হোৱা গোচৰত তেওঁক আটক কৰা হৈছে।

বৰ্তমানৰ পণাবজাৰ আৰক্ষী থানাত ৰখা হৈছে আচাৰ্যগৰাকীক। পাণবজাৰ আৰক্ষী থানাই কৰিমগঞ্জ আৰক্ষীক গতাই দিব বুলি জানিব পৰা গৈছে।

এই ঘটনাক এতিয়া গৰিহণা দিছে বিৰোধী নেতাসকলৰ লগত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই।



ইয়াৰ পূৰ্বে ২১ ফেব্ৰুৱাৰীৰ সন্ধিয়া অসমৰ শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে এক্সত পোষ্ট কৰি কয় যে, “শিক্ষাৰ ক্ষেত্ৰত ইউএছটিএমৰ অনৈতিক কাৰ্যকলাপৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ উত্থাপন হৈছে। পথাৰকাণ্ডিৰ চেণ্ট্ৰেল পাব্লিক স্কুল (ইউ এছ টি এম গ্ৰুপৰ মালিকানাধীন)ত তেওঁলোকৰ চি বি এছ ই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ৩০ নম্বৰৰ এম চি কিউ শাখাত ছাত্ৰ-ছাত্ৰীসকলক সহায়ৰ আশ্বাস দিয়া বুলি জানিব পৰা গৈছে। শৈক্ষিক সততাৰ এই গুৰুতৰ উলংঘাৰ বাবে জৰুৰী আৰু পুংখানুপুংখ তদন্তৰ প্ৰয়োজন।”

Related News