• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জয়ৰ নায়ক ৰিকলটন! আফগানিস্তানক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফীত যাত্ৰা আৰম্ভ দক্ষিণ আফ্ৰিকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2025 9:12 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জয়েৰে চেম্পিয়নছ ট্ৰফীৰ যাত্ৰা আৰম্ভ কৰিছে দক্ষিণ আফ্ৰিকাই। ৰিকলটনৰ বেটিং পৰাক্ৰমত ধৰাশায়ী আফগানিস্তান। ৰছিদ খানৰ দলক ১০৭ ৰানত পৰাস্ত কৰি কেৱল দুটা মূল্যৱান পইণ্ট ঘৰলৈ লৈ যোৱাই নহয়, তাৰ লগতে টেম্বা বাভুমাৰ দলটোৱে নেট ৰান ৰেটতো বহু আগবাঢ়ি থাকিল।

শুকুৰবাৰে কৰাচী ষ্টেডিয়ামত টছত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। আৰম্ভণিতে টনি ডি জিঅৰ্ডিৰ উইকেট হেৰুৱালেও ৰায়ান ৰিকেলটনে আনটোফালে নিজৰ আধিপত্য বজাই ৰাখিছিল। বাভুমাই তেওঁক যোগ্য সংগ দিয়ে। প্ৰটিয়াছ অধিনায়কগৰাকীয়ে ৭৬টা বলত ৫৮ ৰান সংগ্ৰহ কৰে।

Apply Now

আনহাতে, ৰিকেলটনে ৭ চাৰি আৰু এটা ছয়ৰে নিজৰ ইনিংছটো সজাইছিল। অৱশ্যে ১০৩ ৰান সংগ্ৰহ কৰি তেওঁ আউট হয়। তাকো অদ্ভুত ধৰণেৰে। তেওঁ ৰছিদ খানৰ ডেলিভাৰীত ষ্টেপ আউট কৰি মাৰিবলৈ ওলাই আহে। কিন্তু বলটো ৰছিদৰ হাততে থাকি যায়। তেওঁ বলটো উইকেটকীপাৰৰ ফালে দলিয়াই দিলে। ৰিকলটনে জপিয়াই পৰিও ৰান আউট ৰোধ কৰিব নোৱাৰিলে।

অৱশ্যে তেতিয়ালৈকে দক্ষিণ আফ্ৰিকাৰ ইনিংছৰ ভেটি মজবুত হৈছিল। ইয়াৰ পাছত ৰাছি ভান ডেৰ ডাচেনে ৫২ আৰু আইডেন মাৰ্ক্ৰামে ৫২*) অৰ্ধশতক অৰ্জন কৰে। শেষত ৬টা উইকেট হেৰুৱাই দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ ৩১৫ ৰান হয়।

গুৰবাজৰ দলটোৱে বিশাল ৰানৰ লক্ষ্য অনুসৰণ কৰি ছন্দ ধৰি ৰাখিব নোৱাৰিলে। তেওঁ ১০ ৰানত আউট হৈছিল। ৰহমত শ্বাহ (৯০)ৰ বাহিৰে কোনেও সেই ধৰণে প্ৰত্যাক্ৰমণ কৰিব পৰা নাছিল। অধিনায়ক শ্বাহিদী শূন্য ৰানতে আউট হৈ ওভতে। অভিজ্ঞ মহম্মদ নবীৰ পৰা আৰম্ভ কৰি গুলবাদিন নাইবলৈকে সকলোৱে বিফল হয়।

মাজতে এটা ক’লা মেকুৰী খেলপথাৰত সোমাই আহে আৰু খেলখন অলপ সময়ৰ বাবে বন্ধ হৈ যায়। নিউজিলেণ্ড-পাকিস্তান ট্ৰাই ছিৰিজৰ ফাইনেলতো ঠিক একেই ঘটনাই ঘটিছিল। ইয়াৰ বাহিৰে দ্বিতীয় ইনিংছত আফগান অনুৰাগীৰ মুখত হাঁহি বিৰিঙাবলৈ আন একো নাছিল। শেষত ২০৮ ৰানত তেওঁলোকৰ ইনিংছ শেষ হয়। নিয়ন্ত্ৰিত বলিঙেৰে ৩টা উইকেট দখল কৰে কাগিছ’ ৰাবাডাই। এনগিডি আৰু মুল্ডাৰে দুটাকৈ উইকেট দখল কৰে। এই মেচখনত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ কঠিন গ্ৰুপত বহুখিনি আগবাঢ়ি থাকি।

সংক্ষিপ্ত স্কোৰঃ

দক্ষিণ আফ্ৰিকা: ৩১৫/৬ (ৰিকেলটন ১০৩, বাভুমা ৫৮, নবী ৫১/২)

আফগানিস্তানঃ ২০৮/১০ (ৰহমত ৯০, ৰাবাদা ৩৬/৩)

দক্ষিণ আফ্ৰিকাই ১০৭ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

সামাজিক মাধ্যমত ভিউজৰ অঘোষিত প্ৰতিযোগিতা: ৰাজনৈতিক সঁজুলিলৈ পৰিণত হৈছে নেকি কণ কণ শিশু?

September 29, 2026 1:03 pm
বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

বিমানৰ পৰা বোমা পেলাই দেশৰ ৪৯ জন নিৰীহ লোকক হত্যা ম্যানমাৰ সেনাৰ; আহত ৫৮ জন

September 29, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

আৱৰ্জনা পেলাই সাৰি নাযাব আপুনি! নিয়ম ভংগ কৰিলে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ

September 29, 2026 2:57 pm
ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

ৰাজ্যত SIR-ৰ পৰা বাদ ২ কোটিৰো অধিক লোক! আয়োগক কি আহ্বান মুখ্য কাৰ্যবাহী বিষয়াৰ?

September 29, 2026 1:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd