লক আপত অভিযুক্তৰ মৃত্যু : নলবাৰীত আৰক্ষী বিষয়াসহ তিনিজনক কাৰাদণ্ড

Distruict-570x320

নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালত।

নলবাৰী জিলা সত্ৰ ন্যায়াধীশ আদালতে বৃহস্পতিবাৰে নলবাৰীত আৰক্ষী বিষয়াসহ তিনিজনক কাৰাগাৰালৈ প্ৰেৰণ কৰে। লক আপত অভিযুক্তৰ মৃত্যুৰ অপৰাধত আদালতে তিনিজনক ৭ বছৰৰ কাৰাদণ্ডৰ লগতে দহ হাজাৰ টকাৰ জৰিমনা বিহে।

উল্লেখযোগ্য যে ২০০২ চনৰ ১৩ জানুৱাৰীত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ লক আপত ব্যৱসায়ী অকণ শৰ্মাৰ মৃত্যু হৈছিল। ঘগ্ৰাপাৰ আৰক্ষীয়ে তেল চুৰিৰ অপৰাধত ব্যৱসায়ী অকন শৰ্মাক গ্ৰেপ্তাৰ কৰিছিল। শৰ্মাৰ লগতে আৰক্ষীয়ে অমৰেন্দ্ৰ ভৰালী নামৰ আন এজন লোককো গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষীয়ে দুয়োজন অভিযুক্তকে নিশা অমানুষিক অত্যাচাৰ চলাইছিল। আৰক্ষীৰ নিৰ্মম প্ৰহাৰৰ ফলত অকন শৰ্মাৰ মৃত্যু হয়। এই কথা সদৰী কৰে সেই ঘটনাৰ প্ৰত্যক্ষদৰ্শী তথা আৰক্ষীৰ নিৰ্যাতনৰ বলি অমৰেন্দ্ৰ ভৰালীয়ে।

আনহাতে, মৃত্যুৰ পিছতে অকন শৰ্মাৰ পত্নী লাৱণ্য দেৱীয়ে নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতত এটা গোচৰ তৰে। পত্নীৰ গোচৰৰ ভিত্তিতে বৃহস্পতিবাৰে আদালতে উক্ত ৰায়দান কৰে। প্ৰায় ১৬ বছৰৰ মূৰত আৰক্ষীৰ নৃশংসতাৰ বলি অকন শৰ্মাৰ পৰিয়ালে ন্যায় লাভ কৰিবলৈ সক্ষম হয়।

নলবাৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশ চেলিনা বেগমে সেই সময়ৰ আৰক্ষী উপ পৰিদৰ্শক ইমান আলী, কনিষ্টবল হেমন্ত কলিতা আৰু হোমগাৰ্ড মহম্মদ আলীক অকণ শৰ্মাক হত্যা কৰাৰ অপৰাধত কাৰাগাৰালৈ প্ৰেৰণ কৰে।