ভাৰতীয় খেলুৱৈ সকলে বিদেশী লীগত খেলাৰ অনুমতি বিচাৰি বি চি চি আইলৈ ৰবীন উত্থাপাৰ আহ্বান

ভাৰতীয় দলৰ উইকেট কীপাৰ বেটছমেন ৰবীন উত্থাপাই ভাৰতীয় ক্ৰিকেটাৰ সকলক বিদেশী লীগত খেলিবলৈ অনুমতি দিয়াৰ বাবে বি চি চি আইলৈ আহ্বান জনায়।

‘‘অনুগ্ৰহ কৰি আমাক যাবলৈ দিয়ক, যেতিয়া আমাক খেলিবলৈ যাবলৈ অনুমতি দিয়া নহয় আমি আহত হওঁ,’’ উত্থাপই কয়।

উত্থাপাই বি চি চি আইৰ বৰ্তমানৰ সভাপতি সৌৰভ গাংগুলী সন্দৰ্ভত মত প্ৰকাশ কৰি সৌৰভ গাংগুলীক এগৰাকী যোগাত্মক চিন্তাধাৰৰ ব্যক্তি হিচাপে উল্লেখ কৰি সৌৰভ গাংগুলীয়ে বিষয়টো সন্দৰ্ভত বিবেচনা কৰিব বুলি আশাবাদী বুলি কয়।

ৰবীন উত্থাপা ২০০৭ ৱেষ্টইণ্ডিজ বিশ্বকাপৰ ভাৰতীয় দলৰ সদস্য আছিল।

বৰ্তমান উত্থাপাই আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ সৈতে খেলি আছে।

উল্লেখযোগ্য যে, উত্থাপাৰ পূৰ্বে ভাৰতীয় দলৰ আন এগৰাকী তাৰকা ক্ৰিকেটাৰ সুৰেশ ৰাইনায়ো বি চি চি আইয়ে ভাৰতীয় ক্ৰিকেটাৰ সকলক বিদেশী লীগত খেলিবলৈ অনুমতি দিব লাগে বুলি মত ব্যক্ত কৰিছিল।

বিদেশী লীগত খেলিলে ভাৰতীয় খেলুৱৈ সকল উপকৃত হ’ব বুলি ৰাইনাৰ উল্লেখ কৰিলেও এই সিদ্ধান্ত বি চি চি আইৰ হাতত বুলি কয়।