শ্ৰেণীকোঠাত গালি দিয়াৰ বাবেই বিদ্যালয়ৰ বাহিৰত অধ্যক্ষলৈ গুলীবৰ্ষণ ছাত্ৰৰ: সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি
বিদ্যালয়ৰ নীতি-নিয়ম ভংগ কৰিলে শিক্ষকৰ দ্বাৰা শিক্ষাৰ্থীসকল লঘূ শাস্তিৰ সন্মুখীন হোৱাটো তেনেই সাধাৰণ ঘটনা। পিছে শ্ৰেণীকোঠাত এগৰাকী ছাত্ৰক নিয়ম উলংঘনৰ বাবে গালি পৰাৰ বাবেই এতিয়া জীৱন-মৰণৰ সৈতে যুঁজিবলগীয়া হৈছে বিদ্যালয়ৰ এগৰাকী অধ্যক্ষই।
দশম শ্ৰেণীৰ এগৰাকী শিক্ষাৰ্থীয়ে সহপাঠীৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰগৰাকীক এনে আচৰণৰ বাবে ভৰ্ৎসনা কৰি পুনৰাই এনে নকৰিবলৈ সকীয়াই দিছি। কিন্তু এই কথাতে ছাত্ৰগৰাকীয়ে প্ৰতিশোধৰ তাড়নাত বিদ্যালয়ৰ বাহিৰত গুলীয়াই হত্যাৰ চেষ্টা চলায় অধ্যক্ষ গৰাকীক।
এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰত। সীতাপুৰৰ আদৰ্শ ৰামস্বৰূপ ইণ্টাৰ কলেজ নামৰ এখন বিদ্যালয়ত সংঘটিত হৈছিল। ইয়াৰ পূৰ্বে শুকুৰবাৰে অধ্যক্ষ ৰাম সিং বাৰ্মাই গুৰিন্দৰ সিং নামৰ ছাত্ৰগৰাকীক অভব্য আচৰণৰ বাবে সকীয়নি দিছিল।
শনিবাৰে ছাত্ৰগৰাকীয়ে বিদ্যালয়ৰ বাহিৰত হাতত বন্দুক লৈ অধ্যক্ষ গৰাকীক আক্ৰমণৰ বাবে পিছে পিছে খেদি যায় আৰু তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে। বন্দুকৰ পৰা ওলোৱা তিনিটা গুলীয়ে অধ্যক্ষ গৰাকীৰ মূৰ আৰু বুকুত আঘাত কৰে।
অভিযুক্ত গুৰিন্দৰে তিনিবাৰ গুলী চালনা কৰাৰ পিছত বন্দুকটো পুনৰ লোড কৰিবলৈ লয় যদিও কাষত থকা লোকসকল ঘটনাস্থলীলৈ কাষ চাপি অহা দেখি তাৰ পৰা পলায়ন কৰে।
ইফালে আহত ৰামস্বৰূপক প্ৰথমে স্থানীয় চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও স্বাস্থ্যৰ সংকটাপন্ন অৱস্থাৰ বাবে সীতাপুৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পিছত তেওঁক লক্ষ্ণৌৰ এক ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হৈছিল। বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থা সংকটজনক বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
ইতিমধ্যে অভিযুক্ত গুৰিন্দৰক আৰক্ষীয়ে আটক কৰি জিম্মাত লৈছে বুলি জানিব পৰা গৈছে।