• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীন ভাৰতত প্ৰথমগৰাকী মহিলা কয়দী ওলমিব ফাঁচীকাঠত! : মথুৰা কাৰাগাৰত প্ৰস্তুতি আৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2021 7:09 pm
2021_2image_11_18_071436219a-ll
690
VIEWS
Share on FacebookShare on Twitter

স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা কয়দীয়ে ফাঁচিকাঠত ওলমিব পাৰে। ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ শবনম নামৰ এগৰাকী মহিলাই প্ৰেমিক ছেলিমৰ সহযোগত পিতৃ-মাতৃসহ নিজ পৰিয়ালৰে সাতগৰাকীকৈ লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল।

প্ৰেমিকৰ সহযোগত মহিলাগৰাকীয়ে ২০০৮ চনৰ এপ্ৰিলত নিজৰ পিতৃ-মাতৃসহ নিজৰ পৰিয়ালৰে সাতগৰাকী লোকক হত্যা কৰিছিল বুলি আদালতত প্ৰমাণ হোৱাৰ পিছতে ২০১০ চনৰ ১৫ জুলাইত আমৰোহা আদালতৰ ন্যায়াধীশ এ এ হুছেইনীয়ে প্ৰেমিকসহ মহিলাগৰাকীক ফাঁচিৰ ৰায়দান দিছিল।

ইতিমধ্যে এই নিৰ্দেশে দহ বছৰ অতিক্ৰম কৰিছে।

আনহাতে মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও যোৱা বৰ্ষৰ জানুৱাৰি মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখিছিল। ইফালে ৰাষ্ট্ৰপতিয়েও মহিলাগৰাকীৰ ক্ষমাদান প্ৰাৰ্থনা খাৰিজ কৰে।

ইয়াৰ পিছতে মহিলাগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাতো একপ্ৰকাৰৰ নিশ্চিত হৈ পৰে। ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে মথুৰাৰ কাৰাগাৰত প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

অৱশ্যে কেতিয়া মহিলাগৰাকীৰ ফাঁচি কাৰ্যকৰী কৰা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

উল্লেখ্য যে মথুৰা কাৰাগাৰৰ মহিলা ফাঁচীশালটো ১৫০ বছৰ পূৰ্বে ব্ৰিটিছে নিৰ্মাণ কৰিছিল। কিন্তু স্বাধীনতা পৰৱৰ্তী সময়ত তাত কোনো কয়দীকে ফাঁচী দিয়া হোৱা নাছিল।

স্মৰ্তব্য যে ১৯৯৮ চনৰ ৬ এপ্ৰিলত লক্ষ্মৌৰ এগৰাকী মহিলাক আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যুদণ্ডৰ শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰ কৰা হৈছিল।

Recent News

আলফা(স্বাধীনৰ)সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয় দল অসমৰ নেতা প্ৰণৱ জ্যোতি চেতিয়া

আলফা(স্বাধীনৰ)সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ জাতীয় দল অসমৰ নেতা প্ৰণৱ জ্যোতি চেতিয়া

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd