NORTHEAST NOW (Assamese)

উত্তৰাখণ্ডত ভূমিস্খলন: ধৌলিগংগা বিদ্যুৎ প্ৰকল্পৰ সুৰংগত আবদ্ধ ১৯ শ্ৰমিক, অব্যাহত উদ্ধাৰ অভিযান

August 31, 2025 8:00 pm · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত ধাৰাসাৰ বৰষুণৰ ফলত এক বৃহৎ ভূমিস্খলন সংঘটিত হৈছে। ইলাগড়ৰ ধৌলিগংগা জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগটোত প্ৰৱেশ পথ মাটিত পুত যোৱাত ভিতৰত আবদ্ধ হৈ পৰিছে ১৯ জন শ্ৰমিক

ধৰচুলাৰ উপ-জিলা দণ্ডাধীশ জিতেন্দ্ৰ ভাৰ্মাই জানিবলৈ দিছে যে সুৰংগটোত থকা সকলো শ্ৰমিকেই সুৰক্ষিত। উদ্ধাৰৰ বাবে জেচিবি আৰু অত্যাধুনিক মেচিন ব্যৱহাৰ কৰি ধ্বংসাৱশেষ আঁতৰোৱা হৈছে।

ভূমিস্খলনৰ ফলত প্ৰকল্পলৈ যোৱা ৰাস্তাও বন্ধ হৈ পৰিছে। যাৰ ফলত উদ্ধাৰ কামত বিলম্ব ঘটিছে। তথাপি প্ৰশাসনে আশ্বাস দিছে যে সন্ধিয়ালৈকে আবদ্ধ শ্ৰমিকসকলক উলিয়াই আনা সম্ভৱ হ’ব।

ইফালে, বিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ কামত এই দুৰ্ঘটনাৰ কোনো প্ৰভাৱ নপৰিলেও সামান্য ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

Related News