উত্তৰাখণ্ডই মহিলাৰ বাবে সংৰক্ষিত কৰিলে পঞ্চায়তৰ জিলা সভাপতি পদ; অসমত কেতিয়া হ’ব?

Women-in-Leadership-Header

প্ৰতিনিধিত্বমূলক ফটো

ভাৰতৰ ৰাজনীতিত তৃণমূল পৰ্যায়ত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ কথা প্ৰায়বোৰ ৰাজনৈতিক দলে কৈ থাকে। কিন্তু বাস্তৱত তাৰ প্ৰতিফলন খুব কমেইহে দেখা যায়।

সংসদস বিধানসভাকে ধৰি সকলো পঞ্চায়ত, নিগম-নিকায় আদিত ৩০ শতাংশ মহিলাৰ প্ৰতিনিধিত্বৰ কথা কোৱা হ’লেও ৰাজনৈতিক দলবোৰে সেয়া এতিয়ালৈকে বাস্তৱায়িত কৰা নাই।

এনে এক পৰিস্থিতিৰ মাজতে দীৰ্ঘদিনীয়া বিতৰ্ক, চৰ্চাৰ পাছত উত্তৰাখণ্ড চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে (হৰিদ্বাৰক বাদ দি) জিলা পঞ্চায়তৰ সভাপতি পদত সংৰক্ষণ চূড়ান্ত কৰিছে।

দেওবাৰে এই সন্দৰ্ভত জাৰি কৰা জাননীত সাতখন জিলাৰ সভাপতি পদ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে।

পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰে এনেদৰে মহিলাৰ বাবে সাতখনকৈ জিলাত সভাপতি পদ সংৰক্ষণ কৰা বিষয়টোৱে স্বাভাৱিকতে চৰ্চা লাভ কৰিছে।

উত্তৰাখণ্ডৰ দৰে ৰাজ্যত মহিলাৰ বাবে এনেদৰে তৃণমূল পৰ্যায়ত আসন সংৰক্ষণ কৰা কাৰ্য বাকী ৰাজ্যসমূহৰ বাবেও আদৰ্শ হ’ব পাৰে।

অসমত ৰাজনৈতিক দলসমূহে তৃণমূল পৰ্যায়ত মহিলাসকলক আগবঢ়াই অনাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা দেখা নাযায়।

তদুপৰি, পঞ্চায়ত পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্ব তেনেই নগণ্য হোৱা দেখা যায়। ৰাজ্যখনৰ প্ৰধান ৰাজনৈতিক দল বিজেপি,কংগ্ৰেছ, অগপকে ধৰি সকলোৱে তৃণমূল পৰ্যায়ত মহিলাৰ প্ৰতিনিধিত্বৰ বিষয়ত কোনো নীতি স্পষ্ট কৰা নাই।

চৰকাৰৰ ফালৰ পৰা তৃণমূল পৰ্যায়ত, বিশেষকৈ পঞ্চায়তৰ মৰ্যাদাসম্পন্ন পদসমূহ মহিলাৰ বাবে সংৰক্ষণ কৰাত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

এইটোৱে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত চৰকাৰৰ দৃষ্টিভংগীৰ দিশটো উদঙাই দিয়ে। উত্তৰাখণ্ডৰ দৰে এখন আপেক্ষিকভাৱে নতুনকৈ গঠন হোৱা ৰাজ্যই মহিলাৰ বাবে গ্ৰহণ কৰা সংৰক্ষণ নীতি অসমৰ বাবেও আদৰ্শ হ’ব পাৰে।

বৰ্তমান চৰকাৰী ব্যৱস্থাটোত পঞ্চায়তীৰাজৰ গুৰুত্ব বৃদ্ধি পোৱালৈ চাই পঞ্চায়ত পৰ্যায়ত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰাই নহয়, লগতে পঞ্চায়তৰ শীৰ্ষ পদবীসমূহত মহিলাৰ স্থান নিশ্চিত কৰিলেহে নাৰী সবলীকৰণ প্ৰকৃতাৰ্থত সফল হ’ব।

উত্তৰাখণ্ডই দেখুওৱা আদৰ্শ গ্ৰহণ কৰি অসমে পঞ্চায়ত পৰ্যায়ত জিলা সভাপতিৰ দৰে পদত মহিলাৰ বাবে সংৰক্ষণ কৰি তৃণমূল পৰ্যায়ত মহিলাসকলক প্ৰতিষ্ঠা দিবনে?