NORTHEAST NOW (Assamese)

অৱশেষত স্বস্তি! ১৭ দিনৰ অন্তত মুকলি আকাশৰ তলত উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিক

November 28, 2023 8:35 pm · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত মুকলি আকাশৰ তললৈ আহিছে উত্তৰকাশীৰ ছিল্ক্যাৰা সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ ভিতৰত ১৮ জন শ্ৰমিক।

১৭ টাকৈ দিন ধৰি সুৰংগত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে চলি থকা নিৰন্তৰ অভিযানৰ অন্তত আজি সফলতাৰ মুখ দেখিলে উদ্ধাৰ অভিযানে।

এইপৰ্যন্ত আৱদ্ধ ৪১ গৰাকী শ্ৰমিকৰে ১৮ জনক উদ্ধাৰ কৰাৰ বিপৰীতে আন ২৩ গৰাকী শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে।

আৱদ্ধ শ্ৰমিকসকলক উলিয়াই আনিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, চমুকৈ NDRFৰ তিনিটা দল সুৰংগটোৰ ভিতৰত আছে।

আৰু প্ৰায় দুইৰ পৰা তিনি ঘণ্টা সময়ৰ ভিতৰত আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে অভিযানকাৰী বিষয়াসকলে।

Related News