“ভেকচিন নিতে যাই ” …বঙাইগাঁৱত ভেকচিন সজাগতা সম্পর্কীয় ছবিৰ গীতৰ ভিডিঅ মুকলি

অতিমাৰী ক’ৰণা ভাইৰাছৰ ভেকচিনৰ প্ৰতি সজাগতাৰ লক্ষ্যলৈ বঙাইগাঁৱৰ ৰিয়ন ফিল্মচৰ বেনাৰত নিৰ্মিত ‘ভেকচিন নিতে যাই’ নামৰ চুটি ছবিখনৰ গীতৰ ভিডিঅ বৃহত্তৰ বঙাইগাঁৱ প্ৰেছ ক্লাবত আয়োজিত এক অনুষ্ঠানত মুকলি কৰা হয় ৷

চুটি ছবিখনৰ ’ভেকচিন নিতে যাই ’ শীৰ্ষক গীতটিৰ ভিডিঅটো মুকলি কৰে বঙাইগাঁও জিলাৰ উপায়ুক্ত ডা° এম এছ লক্ষীপ্ৰিয়াই ৷

গীতৰ ভিডিঅ মুকলি কৰি জিলা উপায়ুক্তগৰাকীয়ে ভেকচিন সজাগতাৰ বাবে ভিডিঅটো ব্যৱহাৰ কৰাৰ বাবে চিন্তা চৰ্চা কৰা বুলি নিজৰ বক্তব্যত কয় ৷

উল্লেখ্য যে চুটি ছবিখনৰ কাহিনী , চিত্ৰনাট্য , সংলাপ আৰু পৰিচালনা তথা সম্পাদনা কৰিছে গকুল নাথে ৷

ছবিখনৰ গীতটিৰ কথা আৰু সুৰ নৰ্মদা দাসৰ আৰু সংগীতেৰে সজাইছে মৃণাল সিংহই ৷ গীতটিক কন্ঠদান কৰিছে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নিৰ্মালি দাস আৰু অসীম পাটগিৰীয়ে ৷ কৰিঅগ্ৰাফীৰ কাম কৰিছে পল ৰাজ কোঁৱৰে আৰু কেমেৰাত আছিল প্ৰিয়ম ৰায় ৷

সেইদৰে ৰূপসজ্জাত নিলাক্ষী সিংহ আৰু ব্যৱস্থাপনাৰ দায়িত্বত আছিল কল্যাণ সিংহ ৷ ছবিখনৰ আৱহ সংগীত গৌৰাংগ ( বাবলু ) ৰ ৷ ছবিখনৰ বিভিন্ন চৰিত্ৰত নৰ্মদা দাস , গকুল নাথ , হৰ্ষিতা ৰায় , বিশ্বজিৎ ৰায় , ঘনশ্যাম ৰাভা , দীপক ৰায় , সুস্মিতা দত্ত , ক্ষীৰোদ দাস নিৰু বৰ্মন ৰায় আৰু ভূয়সী পাঠকে অভিনয় কৰিছে ৷

ভূয়সী পাঠকে প্ৰযোজনা কৰা চুটি ছবিখনৰ গীতৰ ভিডিঅ মুকলি অনুষ্ঠানত বঙাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষা ৰূপাঞ্জলি দেৱী আৰু কন্ঠশিল্পী ৰীণা কলিতা সহ আৰু কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ এই অনুষ্ঠানটোৰ আতঁ ধৰে শিল্পী দীপক দাসে ৷