NORTHEAST NOW (Assamese)

ড্ৰাইভিং লাইচেঞ্চ, যানবাহনৰ প্ৰয়োজনীয় নথি-পত্ৰৰ বৈধতাৰ সময়সীমা ৩০ ডিচেম্বৰলৈ বৃদ্ধি

August 24, 2020 7:20 pm · এন ই নাও নিউজ

ড্ৰাইভিং লাইচেঞ্চ আৰু প্ৰয়োজনীয় নথি-পত্ৰৰ বৈধতাৰ সময়সীমা ২০২০ বৰ্ষৰ ৩০ ডিচেম্বৰলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে।

ক’ৰ’না মহামাৰীৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সোমবাৰে মন্ত্ৰ্যালয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে প্ৰয়োজনীয় বৈধ নথি-পত্ৰৰ সময়সীমা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰিছিল।

‘‘পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰ্যালয়ে ফিটনেছ, পাৰ্মিট, লাইচেঞ্চ আৰু পঞ্জীয়ন সম্পক্ৰিয় নথি-পত্ৰৰ বৈধতা মটৰ ভেইকল এক্ট ১৯৮৮ আৰু চেণ্ট্ৰেল মটৰ ভেইকল ৰুল ১৯৮৯ অনুসৰি ৩০ ডিচেম্বৰ ২০২০ লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে,’’ মন্ত্ৰ্যালয়ৰ বিভাগীয় ৱেবচাইটত এইদৰে উল্লেখ কৰা হয়।

আনহাতে, মন্ত্ৰ্যালয়ে যিসকল লোকৰ যানবাহনৰ বৈধতা ২০২০ চনৰ ১ ফেব্ৰুৱাৰিৰ পূৰ্বে সমাপ্ত হৈছে তেওঁলোকৰ নথি-পত্ৰৰ বৈধতা ৩১ ডিচেম্বৰ ২০২০ লৈ বৃদ্ধি হ’ব বুলি উল্লেখ কৰিলেও তেওঁলোকক নিজৰ নিজৰ নথি-পত্ৰ সমূহ পুনৰ পৰ্য্য়ায়ক্ৰমে পঞ্জীয়ন কৰাবলৈ অনুৰোধ কৰে।

Related News