অহংকাৰৰ বাবেই তৰুণ গগৈৰ পতন হ’ল : পল্লৱ লোচন দাস

অহংকাৰৰ ফলতে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুন গগৈৰ পতন ঘটিল। এই মন্তব্য তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা ৰাজ্যৰ শক্তি মন্ত্ৰী পল্লৱ লোচন দাসৰ। আজি বিশ্বনাথ চাৰিআলিত এখন দলীয় সভাত অংশগ্ৰহণ কৰি তেওঁ এনেদৰে কয়।

তেওঁ কয়, ‘তৰুণ গগৈৰ নেতৃত্বত তিনিবাৰকৈ ৰাজ্যৰ শাসন ভাৰ গ্ৰহন কৰিছিল কংগ্ৰেছ চৰকাৰে। কিন্তু পৰৱৰ্ত্তী সময়ত মুখ্য মন্ত্ৰী তৰুন গগৈকে ধৰি কংগ্ৰেছ চৰকাৰৰ আন মন্ত্ৰী-বিধায়ক লগতে তৃনমূল পৰ্যায়াৰ কৰ্মীসকলৰো অহংকাৰ হৈছিল। যাৰ বাবে তেওঁলোকৰ পতন হ’ল।’

আনহাতে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী তথা তেওঁৰ প্ৰতিদ্বন্দ্বি এম জি কে ভানু সন্দৰ্ভত তেওঁ কয়, ‘ ভানু দক্ষ প্ৰাৰ্থী নহয়।  কাৰণ যি সময়ত তৰুণ গগৈৰ পতন ঘটিছিল, সেই সময়ত ভানু কংগ্ৰেছ চৰকাৰৰ মুখ্য আমোলা আছিল। তেওঁ যদি ইমানেই দক্ষ লোক আছিল, তেনেহ’লে কিয় তৰুণ গগৈৰ পতনৰ দিনত কিয় ৰক্ষা কৰিব পৰা নাছিল।’ তদুপৰি, ‘ভানুয়ে  কেৱল তেজপুৰত এখন কলপাৰ্ক নিৰ্মান কৰিছিল কিন্তু আজি পৰ্যন্ত হিচাব দাখিল নকৰিলে’ বুলি তেওঁ কয়।

বিজেপিৰ বহু নেতা-কৰ্মীৰ লগতে বিশ্বনাথ, গহপুৰ, চতিয়াৰ বিধায়কসকলে অংশ গ্ৰহন কৰা আজিৰ এই দলীয় সভাৰ পূৰ্বে পল্লৱ লোচনে পুৱাই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে একাংশ সমৰ্থকসহ বিশ্বনাথ ঘাটত উপস্থিত হৈ বিশ্বনাথ ঘাটৰ মন্দিৰ তথা নামঘৰত সেৱা লয়।

সভাত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকাই অংশগ্ৰহণ কৰি ভানুক চালানী মাছৰ সৈতে তুলনা কৰি কংগ্ৰেছ নেতা-কৰ্মীক উদ্দেশ্যি কয় ‘এম জি কে ভানুক বৰফৰে ঢাকি ৰখাৰ ব্যৱস্থা কৰক, নহলে গেলী যাব।’ তেওঁ আৰু কয় ‘ভানুক তৰুণ গগৈয়েও দলীয় টিকত প্ৰদান কৰাত বাধা প্ৰদান কৰিছিল। যাৰ বাবে প্ৰাৰ্থী গৰাকীয়ে অকলে গাড়ীত ঘূৰি ফুৰিছে।’