গুজৰাটৰ জামনগৰস্থিত বনতাৰাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া বিশেষ অনুসন্ধানকাৰী দলৰ এজন সদস্যক লৈ বিশ্বাসযোগ্যতাৰ প্ৰশ্ন উত্থাপন হৈছে।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানীয়ে পৰিচালিত প্ৰকল্প বনতাৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে সোমবাৰে উচ্চতম ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যস্তি চেলেমেশ্বৰৰ নেতৃত্বত চাৰিজনীয়া এছআইটি গঠন কৰে।
আনহাতে, এই দলত উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ৰাঘবেন্দ্ৰ চৌহান, মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত হেমন্ত নাগ্ৰালে, শুল্ক বিভাগৰ অতিৰিক্ত আয়ুক্ত অনীশ গুপ্তাও আছে।
অৱশ্যে অনীশ গুপ্তাক তদন্তকাৰী দলত অন্তৰ্ভুক্ত কৰাটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে। ২০০৯ চনৰ ভাৰতীয় ৰাজহ সেৱাৰ (আই আৰ এছ) বিষয়া গুপ্তাক ২০১৩ চনৰ আগষ্ট মাহত মুম্বাইত শুল্ক বিভাগৰ সহকাৰী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে নিলম্বন কৰা হৈছিল।
এখন চালান অনুমোদন দিবলৈ কাগজ আমদানি কৰা ব্যৱসায়ীক ২ কোটি টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে নিলম্বন কৰা হয়, যিটো দাবী পাছত ৫০ লাখ টকালৈ হ্ৰাস পাইছিল বুলি জানিব পৰা গৈছে।
পূৰ্বৰ এই অভিযোগ উত্থাপনৰ লগে লগে গুপ্তাৰ নৈতিক কৰ্তৃত্ব আৰু বনতাৰাৰ দৰে উচ্চ পৰ্যায়ৰ গোচৰৰ স্বচ্ছ তদন্ত চলোৱাৰ ক্ষমতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
মঙলবাৰে সদস্যসকলৰ মাজত অনানুষ্ঠানিক আলোচনাৰ অন্তত কাইলৈ ( ২৮ আগষ্ট, ২০২৪) দিল্লীত এছআইটিৰ প্ৰথমখন আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হোৱাৰ কথা।
উচ্চতম ন্যায়ালয়ে দুখন জনস্বাৰ্থ জড়িত আবেদন(পিআইএল)ৰ শুনানি গ্ৰহণ কৰি বিভিন্ন অভিযোগৰ সমাধানৰ বাবে এছআইটি গঠন কৰে। ইয়াৰ ভিতৰত সংবাদ মাধ্যমৰ বাতৰি আৰু এন জি অ’ আৰু বন্যপ্ৰাণী সংগঠনৰ অভিযোগৰ ভিত্তিত বনতাৰা বিসংগতি সংঘটিত হোৱাৰ দাবী আৰু আইন মানি নচলা আৰু ভাৰত আৰু বিদেশৰ পৰা জীৱ-জন্তু বিশেষকৈ হাতী অধিগ্ৰহণ কৰা আদি বিষয় অন্তৰ্গত।
ন্যায়ালয়ে এছ আই টিক বনতাৰাৰ জীৱ-জন্তু অধিগ্ৰহণ, বন্যপ্ৰাণী (সুৰক্ষা) আইন মানি চলা, চিৰিয়াখানাৰ নিয়ম মানি চলা, আৰু আমদানি-ৰপ্তানি আইন আৰু অন্যান্য আইনী প্ৰয়োজনীয়তাসমূহ নিৰীক্ষণৰ দায়িত্ব অৰ্পণ কৰিছে, য’ত উদ্ভিদ আৰু প্ৰাণীৰ বিপন্ন প্ৰজাতিৰ বাণিজ্য সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চুক্তি (চিআইটিইএছ)ও আছে।