ৰে’লৰ সুৰক্ষিত চলাচল নিশ্চিত কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেই গ্ৰহণ কৰিছে বিভিন্ন ব্যৱস্থা

ৰে’ল সুৰক্ষাৰ ক্ষেত্ৰত বিভিন্ন মাপকাঠিৰ ক্ৰমাগত নিৰীক্ষণ হৈছে এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ইয়াক বজায় ৰখা আৰু উন্নত কৰাৰ বাবে অবিৰত প্ৰয়াস চলাই থকা হয়।সম্পদ ৰক্ষণা বেক্ষণৰ দুৰ্বল ক্ষেত্ৰসমূহ চিনাক্ত কৰাৰ উদ্দ্যেশ্যেৰে ৰে’লৱে আন্তঃগাঁথনিৰ ওপৰত নিয়মীয়া ব্যৱধানত সুৰক্ষা অডিট/নিৰীক্ষণ কৰা হয়।

দুৰ্ঘটনা প্ৰতিৰোধ কৰাৰ উপায় আৰু দিশসমূহ উপলব্ধ কৰাৰ বাবে সুৰক্ষা প্ৰক্ৰিয়া অনুসৰণ কৰা হয়।ইয়াৰ উপৰিও, কৰ্মচাৰীসকলৰ মাজত সুৰক্ষাৰ সচেতনতা পৰীক্ষা কৰিবলৈ আৰু সম্পত্তিৰ তত্বাৱধানকে ধৰি সুৰক্ষাৰ দিশসমূহ ত্বৰান্বিত কৰাৰ বাবে সময়ে সময়ে সাময়িকভাৱে সুৰক্ষা অভিযান চলোৱা হয়।  

ৰে’ল পৰিচালনত সুৰক্ষা আৰু সম্পত্তিৰ নিৰ্ভৰযোগ্যতা উন্নত কৰাৰ লগতে অধিক আয়ুৰ সম্পদসমূহৰ সময়মতে প্ৰতিষ্ঠাপন, ট্ৰেক,ৰোলিংষ্টক, চিগনেলিং আৰু ইণ্টাৰলকিং প্ৰণালীৰ উন্নীতকৰণ আৰু তত্বাৱধানৰ বাবে উপযুক্ত প্ৰযুক্তি গ্ৰহণ, সুৰক্ষা অভিযান, কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা, নিৰীক্ষণৰ বাবে নিয়মিত ব্যৱধানত পৰিদৰ্শন কৰা আৰু সুৰক্ষা অনুশীলন পালন কৰাৰ অৰ্থে কৰ্মচাৰীসকলক শিক্ষিত কৰি তোলা হয়।

দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা সুৰক্ষা সঁজুলি/পদ্ধতিসমূহৰ ভিতৰত আছে ইলেক্ট্ৰনিক ইণ্টাৰলকিং, ট্ৰেকচাৰ্কিটিং, ব্লকপ্ৰুভিং এক্সেলকাউণ্টাৰ (বিপিএচি), কালাৰলাইট এলইডিচিগনেল, ৰে’ল সুৰক্ষা সতৰ্কতা প্ৰণালী (টিপিডব্লিউএছ), ম’বাইল ট্ৰেইন ৰেডিঅ’ কমিউনিকেচন (এমটিআৰচি), সমৰ্পিত ও এফচি আধাৰিত একোষ্টিক চেঞ্চিংচিষ্টেম, ভিজিলেন্স কন্ত্ৰোল ডিভাইচ (ভিচিডি), ফগপাছ ডিভাইচ, প্ৰি-ষ্ট্ৰেচ ডকংক্ৰিট শ্লীপাৰ, আল্ট্ৰাচনিক ফ্লো ডিটেকচন চিষ্টেমৰ (ইউএছএফডি)বাবে ডিজিটেল প্ৰকাৰৰ মেচিন ব্যৱহাৰ কৰা।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ বহুতো স্থানত চিষ্টেম মনিটৰিং আৰু প্ৰিডিক্টিভ মেইনটেনেন্স চেন্টাৰ স্থাপন কৰা হৈছে। এই প্ৰণালীটোৱে দূৰৱৰ্তীভাৱে সংকেত আৰু দূৰসংযোগ সম্পদ সম্পৰ্কীয় বিফলতা নিৰীক্ষণ আৰু নিৰ্ণয় কৰে।