হাফলং-শিলচৰ সংযোগী ঘাইপথ মেৰামতিৰ দাবীত দল সংগঠনৰ জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান

WhatsApp Image 2019-06-13 at 4.45.44 PM

জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান বিভিন্ন দল-সংগঠনৰ

জাতিঙ্গা-হাৰাঙ্গাজাও পঁচিশ কিলোমিটাৰ আৰু হাৰাঙ্গাজাও-বালাচড়া ৩১ কিলোমিটাৰ ইষ্ট-ৱয়েষ্ট কৰিদ’ৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ডিমাহাচাও জিলা প্রশাসনক দহ দিনৰ সময়সীমা বান্ধি দিলে হাৰাঙ্গাজাওৰ একাধিক দল-সংগঠনৰ প্রতিনিধি সকলে।

সোমবাৰে হাৰাঙ্গাজাও আৰক্ষী থানাৰ অধীক্ষকৰ যোগেদি প্ৰতিনিধিসকলে ডিমা হাচাও জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। স্মাৰকপত্রখনত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিঙ্গাৰ বালচাড়াৰ ৫৬ কিলোমিটাৰ পথৰ অৱস্থা অতিশয় শোচনীয় বুলি উল্লখ কৰা হয়।

অবশ্যে, হাৰাঙ্গাজাওৰ কাষৰে ব্ৰডগজ ৰে’ল চলাচল কৰিছে যদিও ৰাইজ উপকৃত হোৱা নাই । কিয়নো স্থানীয় পেচেঞ্জাৰক বাদ দি নিউ হাৰাঙ্গাজাও ষ্টেচনত বেলেগ কোনো ৰে’লৰ বাবে ষ্ট’পেজ দিয়া হোৱা নাই।

আনহাতে, ঘাইপথৰ অচলাৱস্থাৰ বাবে অন্তঃসত্ত্বা মহিলাই পথৰ মাজতে সন্তান প্ৰসৱ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জৰাজীৰ্ণ পথছোৱা মেৰামতিৰ বাবে কোনো ব্যৱস্থা হাতত লোৱা নাই।

স্মাৰকপত্ৰত সংগঠনসমূহৰ প্ৰতিনিধিসকলে অনাগত দিনত পথৰ মেৰামতি নকৰিলে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লখ কৰে।

হাৰাঙ্গাজাওৰ এগৰাকী জেষ্ঠ নাগৰিকৰ অভিযোগ অনুসৰি দশকৰ উপৰিও অঞ্চলটোৰ ৰাইজে পথৰ সমস্যাত ভূগি আহিছে। ২০১১ চনত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ পাছত স্থানীয় ৰাইজৰ মনত আশাৰ সঞ্চাৰ হৈছিল যদিও ঘাইপথ প্ৰাধিকৰণৰ কাম-কাজত সকলো হতাশ হৈ পৰিছে।

২০১১ চনত এটা নিৰ্মাণ প্ৰতিষ্ঠানে পথছোৱাৰ নিৰ্মানৰ দায়িত্ব লোৱাৰ পাছৰ পৰা তেওঁলোকে কাম আগবঢ়াব নোৱাৰা বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু প্ৰতিষ্ঠানটোৰ মাজত আইনী যুঁজ আৰম্ভ হয়। দুয়োপক্ষৰ মাজৰ খোৱা-কামোৰাৰৰ বাবে অঞ্চলটোৰ ৰাইজে জৰাজীৰ্ণ পথৰে যাতায়ত কৰিবলগা হৈছে।