প্ৰাক্তন DSP সূৰ্যকান্ত মৰাঙৰ গ্ৰেপ্তাৰৰ দাবীত হাফলঙত বিভিন্ন দল-সংগঠনৰ অনশন

ফটো : নৰ্থ-ইষ্ট নাও

প্ৰাক্তন ডি এইচ্ছ ডি সদস্য সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত মঙলবাৰে হাফলঙত দহ ঘন্টীয়া অনশন কাৰ্যসূচী পালন কৰে একাধিক দল-সংগঠনে।

ইয়াৰ ভিতৰত আছে আডছু, ডিমাছা স্টুডেন্ট য়ুনিয়ন আৰু ডিমাছা মাদাৰ্ছ এছ’চিয়েশ্যন। ৰাতিপুৱা সাত বজাৰ পৰা সামাজিক দূৰত্ব বজাই ৰাখি আৰম্ভ হোৱা এই অনশন বিয়লি পাঁচ বজাত অন্ত পৰে।

হাফলং জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত অনুষ্ঠিত অনশনত অৰ্ধশতাধিক যুৱক-যুৱতীয়ে ভাগ লয় য’ত আডছু ডিমা হাচাও জিলা সভাপতি উত্তম লাংঠাছা, ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেংগুইন, ডিমাচা মাদাৰ্ছ এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক মিলি জীদুং, পদ্মা বাঠাৰি আদি নেতা সকলে অনশনত ভাগ লয়।

উল্লেখনীয় যে যোৱা ২৪ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ মাজত পাহাৰীয়া জিলাৰ হাৰাঙ্গাজাওৰ গামাডি হাওৱাৰ গাঁৱৰ পৰা দুৰ্বৃত্তৰ দলে এখন বলেৰ’ত উঠাই অপহৰণ কৰিছিল প্ৰাক্তন ডি এইচ্ছ ডি সদস্য সন্তোষ হোজাইক।

লগে লগে সন্তোষেৰ পৰিয়ালে আৰক্ষীৰ কাষ চাপে কিন্তু আৰক্ষীয়ে গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল।

পাছ দিনা অৰ্থাৎ ২৫ এপ্ৰিল তাৰিখে এজাহাৰ লৈ উপস্থিত হয় যদিও কিন্তু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰে এজাহাৰ লোৱাত আপত্তি কৰে। অৱশ্যে পৰবৰ্তী সময়ত এজাহাৰ গ্ৰহণ কৰিলেও বাস্তৱত কোনো কাম হোৱা নাই।

যাৰ ফলস্বৰুপে ৩০ এপ্ৰিল তাৰিখে লাংটিং এলেকাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে সন্তোষৰ মৃতদেহ উদ্ধাৰ কৰিছিল।

এই অপহৰণ আৰু হত্যাকাণ্ডক কেন্দ্ৰ কৰি আজিও পাৰ্বত্য জিলাৰ সামগ্ৰিক পৰিস্থিতি উত্তপ্ত হৈয়ে আছে। হত্যাকাণ্ডৰ লগত জিলাৰ তেতিয়াৰ উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙৰ নাম সাঙোৰ খাইছিল।

কিন্তু চৰকাৰে জিলাৰ আৰক্ষী অধীক্ষকৰ উপৰি অভিযুক্ত সূৰ্যকান্ত মৰাংক ইয়াৰ পৰা বদলি কৰিছে।

এতিয়া ৰাইজ তথা বিভিন্ন দল সংগঠনৰ দাবী হ’ল সূৰ্যকান্তক গ্ৰেপ্তাৰ কৰিব লাগে। অৱশ্যে অলপতে নৱাগত আৰক্ষী অধীক্ষক জয়ন্ত সিঙে হাৰাঙ্গাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অংশু ৰাজকুমাৰক সন্তোষৰ পৰিয়ালৰ এজাহাৰ লোৱাত আপত্তি কৰা কাৰণে চাকৰিৰ পৰা নিলম্বিত কৰিছে।

ইপিনে অনশনত ভাগ লোৱা আডছু জিলা সভাপতি উত্তম লাংঠাছা আৰু ডিমাছা ষ্টুডেন্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক প্ৰমিত চেঙগুইনে প্ৰাক্তন ডিএইচ্ছডি সদস্য তথা ব্যৱসায়ী সন্তোষ হোজাই অপহৰণ আৰু হত্যাকাণ্ডৰ চিবিআই তদন্তৰ দাবী উত্থাপন কৰে।

লগতে প্ৰাক্তন উপ আৰক্ষী অধীক্ষক সূৰ্যকান্ত মৰাঙকো গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী জনায়। তৃতীয়তে সন্তোষৰ পৰিয়ালক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়াৰ লগতে সন্তোষৰ পত্নী জয়ন্তা হোজাইক চৰকাৰী চাকৰি দিয়াৰ দাবী জনাইছে।

আনহাতে হাৰাঙ্গাজাও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অংশু ৰাজকুমাৰক চাকৰিৰ পৰা নিলম্বিত কৰাৰ কাৰণে নবাগত আৰক্ষী অধীক্ষক জয়ন্ত সিংক ধন্যবাদ জ্ঞাপন কৰে।