প্ৰিয়ংকা দেউৰীৰ মৃত্যু : অভিযুক্ত চিকিৎসক শুভাশীষ মুখাৰ্জীৰ শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ

সংশ্লিষ্ট নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী স্থানীয় দল সংগঠনৰ

index.jpg55

মৃত প্ৰিয়ংকা আৰু অভিযুক্ত চিকিৎসকগৰাকী

চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু ঘটা প্ৰিয়ংকা দেউৰী আৰু তেওঁৰ পৰিয়ালৰ সৈতে থিয় দিছে বিভিন্ন দল সংগঠনে।

ইতিমধ্যে মৃত প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে এই ঘটনাৰ উচিত তদন্ত আৰু অভিযুক্ত চিকিৎসক মুখাৰ্জীৰ শাস্তিৰ দাবীৰে ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনক ৰক্ষণা বেক্ষণ দিয়াৰহে অভিযোগহে উত্থাপন হৈছে।

পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে আৰক্ষীয়ে গোপন বুজাবুজিৰে ভাৰতীয় দণ্ডবিধি আইনৰ তৰল ধাৰাত গোচৰ ৰুজুৰ কৰি ইতিমধ্যে অভিযুক্ত চিকিৎসকজনক জামিনৰ ব্যৱস্থা কৰি দিছে।

এই কথাত ক্ষুদ্ধ হৈ উঠিছে স্থানীয় তথা প্ৰিয়ংকা দেউৰীয়ে প্ৰতিনিধিত্ব কৰা জনগোষ্ঠীটোৰ বিভিন্ন দল সংগঠন।

এই সন্দৰ্ভত ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থা, বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিগবৈৰ আঞ্চলিক সমিতিয়ে অভিযুক্ত চিকিৎসক ডাঃ শুভাশীষ মুখাৰ্জীৰ লগতে এম আৰ আগৰৱালা ডাইগ্ন’ষ্টিকৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে।

ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাই আনকি অভিযোগ কৰি কৈছে যে ‘নাৰ্ছিংহোমখনৰ স্বত্ত্বাধিকাৰী গৰাকী বিজেপি কৰ্মী’ হোৱাৰ বাবেই আৰক্ষী প্ৰশাসনে ৰহস্যজনক অৱস্থান গ্ৰহণ কৰিছে।

ইফালে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিগবৈৰ আঞ্চলিক সমিতিয়ে তিনিচুকীয়া জিলা উপায়ুক্তলৈ সমগ্ৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাই এক দাবী পত্ৰ প্ৰেৰণ কৰিছে।

সংগঠনটোৱে ‘তৎকালে চিকিৎসকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে সংশ্লিষ্ট নাৰ্ছিংহোমখনৰ অনুজ্ঞাপত্ৰ বাতিল’ৰ দাবী জনাইছে।

বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তদ্ৰূপ দাবী কৰি মহকুমাধিপতিলৈ এক দাবী পত্ৰ প্ৰেৰণ কৰিছে।

আনহাতে তিনিচুকীয়া দেউৰী ছাত্ৰ সন্থাই প্ৰয়াত প্ৰিয়ংকা দেউৰীৰ পৰিয়ালৰ সৈতে আজি আলোচনাত মিলিত হৈছে আৰু সন্দৰ্ভত কাইলৈ আৰক্ষী থানাত উপস্থিত হৈ বিহিত ব্যৱস্থা ল’বলৈ দাবী জনোৱাৰ কথা।

আনহাতে দেউৰী সাহিত্য সভাৰ নৱনিৰ্বাচিত প্ৰধান সম্পাদক কিৰণবন দেউৰীয়ে ভুক্তভোগী পৰিয়ালটোক নাৰ্ছিংহোমৰ কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়াৰ লগতে অভিযুক্ত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে।

সদৌ দেউৰী ছাত্ৰ সন্থায়ো ক্ষতিপূৰণৰ দাবী জনাইছে।

উল্লেখ্য যে, যোৱা ১৬ মে’ত ডিগবৈৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগৰ চিকিৎসক শুভাশীষ মুৰ্খাজীয়ে প্ৰিয়ংকা দেউৰী নামৰ বৰডুমচাৰ ৰোগী গৰাকীক ডিগবৈস্থিত এম আৰ আগৰাৱালা ডায়’গ্নষ্টিক নাৰ্ছিংহোমত ভৰ্তি কৰোৱাই নিজে অস্ত্ৰোপচাৰ সম্পন্ন কৰা পিছতেই ৰোগী গৰাকীৰ মৃত্যু ঘটে।

পৰিয়ালৰ লগতে স্থানীয় দল সংগঠনৰ মতে ডাঃ শুভাশীষ মুখাৰ্জীয়ে ধনৰ লালসাতে ৰোগী প্ৰিয়ংকা দেউৰীক উন্নত চিকিৎসাৰ বাবে ৰেফাৰ নকৰি আন্তঃগাঁঠনিৰ অনুপলব্ধ এখন নাৰ্ছিংহোমত নিজেই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল।

তৈল নগৰী ডিগবৈস্থিত এম আৰ আগৰৱালা নাৰ্ছিংহোমত অস্ত্ৰোপচাৰ সম্পন্ন কৰিব পৰাকৈ আন্তঃগাঁঠনি নাই বুলি স্থানীয় লোকে দীৰ্ঘ দিনৰ পৰাই অভিযোগ উত্থাপন কৰি আহিছে।

লগতে পঢ়ক : ন্যায় লাভৰ অপেক্ষাত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা প্ৰিয়ংকাৰ পৰিয়াল

আনহাতে এগৰাকী প্ৰসূতি চিকিৎসকে কেনেকৈ বিশেষজ্ঞ শল্যচিকিৎসকৰ দৰে এটা জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিলে সেই সন্দৰ্ভতো প্ৰশ্নৰ উদ্ৰেক ঘটিছে।

পৰিয়ালৰ লোকে বিস্ফোৰক অভিযোগ আনিছে যে ৰোগী গৰাকীৰ শৰীৰত মাত্ৰ ৫ শতাংশ হিমগ্ল’বিন থকাৰ পিছতো চিকিৎসক মুখাৰ্জীয়ে অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিম বুলি দাবী কৰিছিল। এটা ভিডিঅ’ ফুটেজত ডাঃ মুখাৰ্জীয়ে এই কথা স্বীকাৰো কৰা দেখা গৈছে।

ইতিমধ্যে পৰিয়ালৰ লোকে চিকিৎসক ডাঃ শুভাশীষ মুখাৰ্জীৰ ভুল চিকিৎসাৰ বাবেই ৰোগী প্ৰিয়ংকা দেউৰীৰ মৃত্যু ঘটা বুলি দাবী কৰাৰ লগতে অভিযুক্ত চিকিৎসগকাৰীক শাস্তিৰ দাবী উত্থাপন কৰাৰ পিছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ হৈ পৰিছে।

স্থানীয় দল সংগঠনবোৰে ভুক্তভোগী পৰিয়ালটোৰ ন্যায় প্ৰদানৰ বাবে উত্থাপন কৰাৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে পৰৱৰ্তী সময়ত সেয়া লক্ষণীয় হ’ব।