• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ন্যায় লাভৰ অপেক্ষাত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ মৃত্যু হোৱা প্ৰিয়ংকাৰ পৰিয়াল

অভিযুক্ত চিকিৎসক শুভাশীষ মুখাৰ্জীক আৰক্ষীৰ ৰক্ষণাবেক্ষণা দিয়াৰ অভিযোগ পৰিয়ালৰ লোকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 18, 2020 7:48 pm
index.jpg55

মৃত প্ৰিয়ংকা আৰু অভিযুক্ত চিকিৎসকগৰাকী

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ১৬ মে’ত তৈল নগৰী ডিগবৈৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই।

স্মতৰ্ব্য যে, পেটৰ বিষৰ বাবে ডিগবৈৰ সমীপৱৰ্তী বৰডুমছাৰ নিৱাসী ভৱেন দেউৰীৰ পত্নী প্ৰিয়ংকা দেউৰীক ১৫ মে’ত ডিগবৈৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

Apply Now

অসামৰিক চিকিৎসালয়খনৰ প্ৰসূতি বিভাগৰ শুভাশীষ মুৰ্খাজী নামৰ চিকিৎকজনে ৰোগী গৰাকীক অস্ত্ৰোপচাৰ বাবে ডিগবৈস্থিত এম আৰ আগৰৱালা ডায়’গ্নেষ্টিক নাৰ্ছিংহোমত ভৰ্তি কৰোৱাই অস্ত্ৰোপচাৰ কৰে।

কিন্তু ৰোগী গৰাকীৰ শৰীৰত মাত্ৰ পাঁচ শতাংশ হিম’গ্লবিন থকাৰ ফলত অত্যধিক ৰক্তক্ষৰণ হৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ কিছু সময়ৰ পিছতে ৰোগীগৰাকীৰ মৃত্যু ঘটা বুলি পৰিয়ালৰ লোক অভিযোগ কৰিছে।

ৰোগী গৰাকী পৰিয়ালৰ অভিযোগ মতে চিকিৎসক মুৰ্খাজীৰ ভুল চিকিৎসাৰ বলি হৈ ৰোগী প্ৰিয়ংকা দেউৰীৰ মৃত্যু ঘটিল।

ইফালে ৰোগীৰ পৰিয়াল তথা স্থানীয় লোকৰ অভিযোগ অনুসৰি শুভাশীষ মুখাৰ্জী নামৰ চিকিৎসকজনে উক্ত  নাৰ্ছিংহোমখনৰ সৈতে আৰ্থিক লোভৰ বাবে এনে কাণ্ড পূৰ্বৰে পৰা কৰি আহিছে।

ঘটনা সংক্ৰান্তত ১৬ মে’ত অভিযুক্ত চিকিৎকজনৰ বিৰুদ্ধে প্ৰিয়ংকাৰ পৰিয়ালৰ লোকে ডিগবৈৰ আৰক্ষীৰ থানাত গোচৰ ৰুজু কৰে যদিও আৰক্ষীয়ে দুৰ্বল ধাৰা(ভাৰতীয় দণ্ডবিধি ৩০৪-এ) লগাই অভিযুক্ত চিকিৎসকজনৰ পক্ষ লোৱাৰহে অভিযোগ উঠিছে।

আজি কিছুমান স্থানীয় সংগঠনৰ নেতৃত্বৰ সৈতে পৰিয়ালৰ লোকে আৰক্ষী থানালৈ গৈ অভিযুক্ত চিকিৎসক মুখাৰ্জীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ অনুৰোধ কৰে যদিও আৰক্ষীয়ে অভিযুক্ত চিকিৎসক গৰাকীক ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগহে উত্থাপিত হৈছে।

আৰক্ষীৰ তৎপৰতাত অসন্তুষ্ট পৰিয়ালৰ লোকে ন্যায় বিচাৰি আদালতৰ দাৰস্থ হোৱাৰ কথাও প্ৰকাশ কৰিছে।

প্ৰিয়ংকা দেউৰীৰ মৃত্যু সন্দৰ্ভত উত্থাপিত কিছু প্ৰশ্ন—

  • শুভাশীষ মুৰ্খাজী নামৰ প্ৰসূতি চিকিৎসকজনে কিয় সামান্য পেটৰ বিষত আক্ৰান্ত ৰোগী গৰাকীক অসামৰিক চিকিৎসালয়তে চিকিৎসা নকৰি আগৰৱালা নামৰ নাৰ্ছিংহোমখন ভৰ্তি কৰোৱাইছিল?
  • ৰোগী গৰাকীৰ শৰীৰত মাত্ৰ পাঁচ শতাংশ হিম’গ্লবিন থকাৰ পিছতো কিয় একে দিনাই অস্ত্ৰোপচাৰৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল? এজন চিকিৎসক হৈও কি তেওঁ কি জনা নাছিল নেকি যে এই পৰিমাণৰ হিম’গ্লবিনত ৰোগীক অস্ত্ৰোপচাৰ কৰাটো বিপদজনক?
  • চিকিৎসক মুখাৰ্জীৰ মতে ৰোগী গৰাকীৰ পেটত এটা টেমুনাৰ সৃষ্টি হৈছিল। তেনে এজন বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা অস্ত্ৰোপচাৰ নকৰোৱাই কিয় প্ৰসূতি চিকিৎসক গৰাকী নিজেই এই অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল?
  • পৰ্যাপ্ত পৰিমাণৰ আন্তঃগাঁঠনি নথকাৰ পিছতে শৰীৰত মাত্ৰ পাঁচ শতাংশ হিম’গ্লবিন থকা ৰোগী গৰাকীক কিয় উক্ত নাৰ্ছিংহোমখনত অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল  চিকৎসক মুখাৰ্জীয়ে?
  • জৰুৰীকালীন অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ ব্যৱস্থা নথকাৰ পিছতো উক্ত নাৰ্ছিংহোমখনত চিকিৎসক মুখাৰ্জীয়ে কিয় ৰোগী গৰাকীক কিয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিছিল?
  • স্থানীয় লোকৰ মত অনুসৰি উক্ত নাৰ্ছিংহোমখনত অস্ত্ৰোপচাৰ সম্পন্ন কৰাৰ যাৱতীয় যন্ত্ৰপাতি উপলব্ধ নহয়। তেনে অৱস্থাত কিয় চিকিৎসক মুখাৰ্জীয়ে উক্ত নাৰ্ছিংহোমখনত অস্ত্ৰোপচাৰ সম্পন্ন কৰি থাকে?
  • চৰকাৰী বাধ্যবাধকতা থকাৰ পিছতো চৰকাৰী চিকিৎসালয়ৰ এজন প্ৰসূতি চিকিৎসকে নাৰ্ছিংহোমত ৰোগী ভৰ্তি কৰোৱাই নিজে অস্ত্ৰোপচাৰ কৰাৰ অধিকাৰ ক’ত পালে? ৰাজ্যৰ স্বাস্থ্য বিভাগ বা এনে বিষয়ত সৰৱ আৰু দক্ষ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব?
  • যদি ডিগবৈ অসামৰিক চিকিৎসালয়ত ৰোগী গৰাকীক চিকিৎসা কৰিবলৈ অক্ষম তেনে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ নকৰি চিকিৎসকজনে উক্ত ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমখনত ভৰ্তি কৰোৱাই নিজেই কিয় অস্ত্ৰোপচাৰ কৰিছিল?

স্থানীয় তথা পৰিয়ালৰ লোকৰ মতে এই সকলোবোৰ প্ৰশ্ন উত্তৰ মাত্র এটা, অভিযুক্ত চিকিৎসকগৰাকীৰ আৰ্থিক ক্ষুধা!

ইফালে চিকিৎসকজনে অস্ত্ৰোপচাৰ কক্ষৰ পৰা প্ৰথমবাৰ উলাই আহি পৰিয়ালৰ লোকক ৰোগীৰ অস্ত্ৰোপচাৰ সফল হোৱা বুলি দাবী কৰিও ৰোগীৰ ইন্টাৰনেল ব্লিডিং হৈ থকা বুলি জনাইছিল। ক’ৰ পৰা ব্লিডিং হৈছে ধৰিব পৰা নাই বুলি কৈ চিকিৎসকজনে আৰু এটা অস্ত্ৰোপচাৰ কৰিব লাগিব কৈ অস্ত্ৰোপচাৰ কক্ষত প্ৰৱেশ কৰিছিল।এইন কথা প্ৰকাশ কৰিছে  পৰিয়ালৰ লোকে।

উল্লেখ্যে যে, দ্বিতীয়টো অস্ত্ৰোপচাৰ কৰাৰ পিছত অত্যধিক ৰক্তক্ষৰণ হৈ ৰোগী প্ৰিয়ংকা দেউৰীৰ মৃত্যুৰ ঘটে।

এতিয়া এটা প্ৰশ্নই উত্থাপন হৈছে, ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পাব নে?

চিকিৎসা বৃত্তিক সম্পদ আহৰণৰ আহিলা হিচাপে ব্যৱহাৰ কৰি অহা চিকিৎসক সৌৰভ মুখাৰ্জী আৰু এম আৰ আগৰৱালা ডায়’গ্নেষ্টিক নাৰ্ছিংহোমখন বিৰুদ্ধে কি ব্যৱস্থা ল’ব ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd