NORTHEAST NOW (Assamese)

ডিঙিৰ অলংকাৰ বাঘৰ নখ, চেটৰ পৰাই গ্ৰেপ্তাৰ বিগ বছৰ প্ৰতিযোগী

October 25, 2023 9:40 am · এন ই নাও নিউজ, গুৱাহাটী

বিগ বছৰ প্ৰতিযোগী হ’বলৈ আহি গ্ৰেপ্তাৰ হ’ল এগৰাকী প্ৰতিযোগী। প্ৰতিযোগী গৰাকীয়ে ডিঙিৰ চেইনত এটা বাঘৰ নখ পৰিধান কৰি আছিল। 

এই ঘটনা পোহৰলৈ অহাৰ পিছত লগে লগে আৰক্ষীয়ে কানাড়া বিগ বছৰ চেটত উপস্থিত হয়। গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক। তেওঁক ১৪ দিনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। 

জানিব পৰা মতে, প্ৰতিযোগীজনৰ নাম ভাৰ্থুৰ সন্তোষ। 

যোৱা দেওবাৰে বেংগালুৰু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল। সোমবাৰে আদালতে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

বন বিভাগৰ সূত্ৰ অনুসৰি দেওবাৰে নিশা তেওঁক বিগ বছ হলৰ পৰা উলিয়াই অনা হয়। ইয়াৰ পিছতে বন বিভাগৰ বিষয়াসকলে চেটৰ পৰাই গ্ৰেপ্তাৰ কৰে। 

জানিব পৰা মতে, বাগটোৰ নখ এনেদৰে ব্যৱহাৰ কৰাৰ বাবে বন বিভাগে ব্যক্তিজনৰ বিৰুদ্ধে suo motu (কাৰণ দৰ্শোৱা গোচৰ) গোচৰ তৰিছে।

ইতিমধ্যে বাঘৰ নখ থকা চেইনডাল জব্দ কৰা হৈছে। এই নখটো প্ৰকৃততে বাঘৰ নে নহয় পৰীক্ষা কৰিবলৈ ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হৈছে।

গ্ৰেপ্তাৰৰ পিছত বাঘৰ নখৰ বিষয়ে সোধাত লোকজনে কয় যে তেওঁ লকেটটো তেওঁৰ পূৰ্বপুৰুষৰ পৰা পাইছিল। 

বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে ভাৰ্থুৰক। এই আইন অনুসৰি যিকোনো বন্যপ্ৰাণীৰ অংগ ব্যৱহাৰ বা পৰিধান কৰাটো অবৈধ।

Related News