ডিফুত আত্মসহায়ক গোটৰ মাজত জাবৰ পৰিস্কাৰ কৰা বাহন বিতৰণ পৌৰ নিগমৰ

tuliram rohang

ডিফুত আত্মসহায়ক গোটৰ মাজত বস্তু বিতৰণ তুলিৰাম ৰহাঙৰ

স্বচ্ছ ভাৰত অভিযানক কাৰ্বি আংলঙত অধিক গতিশীলতা প্ৰদান কৰাৰ মানসেৰে আৰু ডিফু চহৰক স্বচ্ছ আৰু নিকা কৰি ৰখাৰ প্ৰয়াসেৰে শুকুৰবাৰে কাৰ্বিং আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰহাঙে ডিফুৰ মহিলা আত্মসহায়ক গোটলৈ ডিফু পৌৰনিগমৰ অধীনত লঘু বাহন বিতৰণ কৰে।

বিতৰণ কৰা এনে যান-বাহনৰ জৰিয়তে আত্মসহায়ক গোট সমূহে ঘৰে ঘৰে গৈ জাবৰ সংগ্ৰহ কৰি ডিফু চহৰক এখন সুন্দৰ আৰু স্বচ্ছ চহৰ ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আগভাগ লব পাৰিব।

এখন গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত স্বায়ত্ত শাসিত পৰিষদৰ সদস্য সকলৰ  উপস্থিতিত ডিফু চহৰৰ পৰা বাচনি কৰা দহটা স্বীকৃতিপ্ৰাপ্ত আত্মসহায়ক গোটৰ মাজত ডিফু নগৰ সমিতিৰ উদ্যোগত দহখন অট’ ৰিক্সা, সামগ্ৰী কঢ়িওৱাৰ বাবে পাঁচখন ট্ৰেইলাৰ আৰু দহখন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হয়।

অনুষ্ঠানত স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী তুলিৰাম ৰহাঙৰ উপৰিও উপস্থিত থাকে স্বায়ত্ত শাসিত সমষ্টিৰ নৱ নিৰ্বাচিত লোকসভাৰ সাংসদ হৰেণ সিং বে, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংতি, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰিছং তিছ, কাছে ৰংপি, প্ৰদীপ ডিফুছা, মাধূৰ্য্য ঢেকিয়াল ফুকন আৰু বহুতো বিশিষ্ট ব্যক্তিসকল।

আনহাতে, অনুষ্ঠানত আত্মসহায়ক গোটৰ মাজত বস্তুসমূহ বিতৰণ কৰি পৰিষদৰ কাৰ্য্যবাহী সদস্য তুলিৰাম ৰহাঙে আত্মসহায়ক গোটসমূহৰ সহযোগত পৰিষদে ডিফু চহৰক অসমৰ এখন সুন্দৰ চহৰ ৰূপে গঢ় দিবলৈ সদায় চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।